/asomiyapratidin/media/media_files/2025/10/07/mancachar-07-2025-10-07-20-41-17.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৰাজ্যৰ প্ৰায় ৪০ লাখ দৰিদ্ৰ মহিলাৰ বাবে আজি চৰকাৰে অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰতিখন জিলাৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনি পোনপটীয়াকৈ সম্প্ৰচাৰ চোৱাৰ বাবে টেলিভিছনৰ ব্যৱস্থা কৰা হয়। মানকাচৰতো ১৭১ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত ২৮২৯০ গৰাকী হিতাধিকাৰী অৰুণোদয় ৩.০ আঁচনিৰ অন্তৰ্ভুক্ত হৈছে।
১৭১ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত আজি জিলা প্ৰশাসনে টেলিভিছনৰ জৰিয়তে হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী আঁচনি শুভাৰম্ভ অনুষ্ঠান পোনপটীয়াকৈ দেখুওৱাবলৈ ব্যৱস্থা গ্ৰহণ কৰে।মানকাচৰৰ ১৭১ খন ভোটগ্ৰহণ কেন্দ্ৰৰ অধিকাংশ ভোটগ্ৰহণ কেন্দ্ৰ বিদ্যালয়ত স্থাপন কৰা হৈছে।
প্ৰায় শতাধিক ভোটগ্ৰহণ কেন্দ্ৰ থকা বিদ্যালয়ত আজি দিনৰ প্ৰায় ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পাঠদান বন্ধ কৰি হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰীৰ আঁচনিৰ শুভাৰাম্ভ অনুষ্ঠান পোনপোটীয়াকৈ চোৱাৰ ব্যৱস্থা কৰা হয়। জিলা প্ৰশাসনে এনে ব্যৱস্থা কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হয়।
অৱশ্য দিনৰ প্ৰায় ১.৩০ বজাৰ পিচতহে এনে বিদ্যালয়ৰ একাংশত পুনৰ পাঠদান আৰম্ভ কৰা হয় বুলি জানিব পৰা গৈছে। ঘটনাক লৈ আজি সাংবাদিকে মুখ্যমন্ত্ৰীক সোধা এক প্ৰশ্নৰ উত্তৰত কয়, বিৰতিৰ সময়তহে হিতাধিকাৰীক পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হৈছিল।
তদুপৰি বিদ্যালয় গৃহত নহয়, ভোটগ্ৰহন কেন্দ্ৰ চৌহদতহে হিতাধিকাৰীক পোনপটীয়া সম্প্ৰচাৰ দেখুওৱা হৈছিল। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে মিছা মাতিছে। কাৰণ মানকাচৰত স্বয়ং জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা বৰাইৰ আলগা এম ই স্কুলত উপস্থিত থাকি হিতাধিকাৰীৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে।
বিদ্যালয়খনৰ দুটাকৈ শ্ৰেণীকঠোত হিতাধিকাৰী ভৰ্তি হৈ থকাৰ লগতে মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ ভাষণ উচ্চস্বৰে বজাই থকাৰ ফলত বিদ্যালয়খনৰ পাঠদান বন্ধ হৈ থাকে। দিনৰ প্ৰায় ১০ বজাৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰাৰ লগতে দিনৰ প্ৰায় ১২ বজালৈ পোনপটীয়া সম্প্ৰচাৰ চলি থাকে।
অৱশ্য জিলা আয়ুক্তগৰাকী অনুষ্ঠান সামৰণি পেলাই উভতি যোৱাৰ সময়ত পাঠদান আৰম্ভ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। ইয়াৰ পাচত বিদ্যালয়খনত দিনৰ প্ৰায় ১২.৩০ বজাত পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
এইদৰে চৰকাৰে বিদ্যালয়ৰ পাঠদান বন্ধ কৰি হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰ চোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো কিমান যুক্তিসংগত সেয়া ৰাইজে বিচাৰ কৰিব। ঘটনাক লৈ সচেতন মহল, দল-সংগঠনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
দৰিদ্ৰ মহিলা হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে প্ৰতিমাহে সহায়ৰ বাবে লোৱা আঁচনি সকলোৱে প্ৰশংসা কৰিলেও স্কুলৰ পাঠদান বন্ধ কৰি কেৱল পোনপটীয়া সম্প্ৰচাৰ হিতাধিকাৰীক চোৱাৰ ব্যৱস্থা নকৰি জিলা প্ৰশাসনে এটা বা দুটা স্থানত পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ ব্যৱস্থাও কৰিব পাৰিলহেতেন। কিন্তু তাকে নকৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পৰা বঞ্চিত কৰা ঘটনাই সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।