/asomiyapratidin/media/media_files/2025/03/11/xF8qkzZAvK6DhwpDsprl.jpg)
ডিজিটেল সংবাদ,মানকাচৰঃ আজি পুৱাৰ ভাগত মানকাচৰৰ অসম মেঘালয় সীমান্তৱৰ্তী শ্বেওৰাগিৰীত এক পথ দুৰ্ঘটনা সংঘটিত হৈ এজন শ্ৰমিক থিতাতে নিহত হয়। এ এছ ১৮ চি ৩১৮৮ নম্বৰৰ মালভৰ্তি ট্ৰাক খন ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত এম এল ০৮ এফ ৯৯৫৮ নম্বৰৰ পিকআপ ভানখন পিছফালৰ পৰা তীব্ৰ বেগে আহি ট্ৰাকখনক খুন্দা মাৰে।
ফলত পিকআপ ভেনত থকা এজন শ্ৰমিক থিতাতে নিহত হয়। নিহত শ্ৰমিক জনক মানকাচৰৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ খাৰুৱাবান্ধা গাঁৱৰ প্ৰয়াত আখৰেৰেজামালৰ পুত্ৰ ৰহিম বাদশা (৩০) বুলি চিনাক্ত কৰা হৈছে। এই দুর্ঘটনাৰ পাছত মেঘালয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে। লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মেঘালয়ৰ তুৰালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।