উপৰহালীৰ মানসজ্যোতি তালুকদাৰৰ বিশ্ব ৰেক'ৰ্ড

কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উপৰহালীৰ বাসিন্দা মানসজ্যোতি তালুকদাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

author-image
Asomiya Pratidin
New Update
11

ডিজিটেল সংবাদ,পলাশবাৰী : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উপৰহালীৰ বাসিন্দা মানসজ্যোতি তালুকদাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ “Worldwide Book of Records”ত এখন কিতাপ ৰচনা কৰি এক বিশ্ব ৰেকৰ্ড স্থাপন কৰিছে। য’ত আটাইতকৈ বেছি ৰুবিকছ কিউব সমাধান প্ৰণালী একেলগে সংকলিত কৰা হৈছে।

তেওঁৰ এই বিশেষ কৃতিত্বক “Worldwide Book of Records” এ সন্মানিত কৰি “Certificate of Record Holder” প্ৰদান কৰিছে। ১২৯ পৃষ্ঠাৰ এই কিতাপখনত মানস জ্যোতিয়ে ২০টা পৃথক ৰুবিকছ কিউব সমাধান প্ৰণালী সন্নিৱিষ্ট কৰিছে।

যুক্তিবিদ্যা, সৃজনশীল অ্যালগৰিদম আৰু উদ্ভাৱনশীল চিন্তাধাৰাৰ মিশ্ৰণৰ জৰিয়তে তেওঁ এক নতুন দিশ প্ৰদৰ্শন কৰিছে। এই কিতাপৰ জৰিয়তে মানসে নিজৰ মেধা আৰু ধৈৰ্য্যৰ পৰিচয় দিয়াৰ লগতে কিউব-প্ৰেমীসকলৰ বাবে এটা অনুপ্ৰেৰণাৰ উৎস সৃষ্টি কৰিছে।‌

নিজৰ সফলতাৰ বিষয়ে মত প্ৰকাশ কৰি মানসে কয়- ৰুবিকছ কিউব মাত্ৰ এটা খেলনাই নহয় ই এক মানসিক অনুশীলন। ই ধৈৰ্য্য, মনোসংযোগ আৰু বিশ্লেষণক্ষমতা বিকাশ কৰে। এই ৰেকৰ্ডৰ জৰিয়তে মানস জ্যোতি তালুকদাৰ অসমৰ উদীয়মান যুৱ প্ৰতিভাসকলৰ শাৰীত নাম লিখাইছে আৰু ৰাজ্য তথা দেশৰ যুৱসকলৰ বাবে এক উৎসাহজনক উদাহৰণ স্থাপন কৰিছে। ২০০২ চনৰ ২৩ এপ্ৰিলত জন্মগ্ৰহণ কৰা মানস জ্যোতি তালুকদাৰ বিমল তালুকদাৰ আৰু মলয়া তালুকদাৰৰ পুত্ৰ সন্তান।

Palashbari