হিমন্ত দাক কৈ মোক গ্ৰেপ্তাৰ কৰোৱাঃ বিজেপি নেতাক মানস ৰবীনৰ আহ্বান...

ৰাজনীতি নকৰো নকৰো বুলি কৈ সকলোৱে এতিয়া জুবিনক লৈ কৰিছে ৰাজনীতি। মূল ইচ্ছ্যুৰ পৰা আতঁৰি এতিয়া এজনে সিজনক যেন বোকা চতিঁওৱাৰ ৰাজনীতিত নামি পৰিছে। সামাজিক মাধ্যমতেই হওঁক বা অন্য

author-image
Asomiya Pratidin
New Update
ujjjss

ডিজিটেল ডেস্কঃ ৰাজনীতি নকৰো নকৰো বুলি কৈ সকলোৱে এতিয়া জুবিনক লৈ কৰিছে ৰাজনীতি। মূল ইচ্ছ্যুৰ পৰা আতঁৰি এতিয়া এজনে সিজনক যেন বোকা চতিঁওৱাৰ ৰাজনীতিত নামি পৰিছে। সামাজিক মাধ্যমতেই হওঁক বা অন্য মাধ্যমতেই হওঁক জুবিনৰ ন্যায় বিচাৰি এতিয়া কেইবাটাও ভাগত বিভক্ত হৈছে ন্যায়কামী জনতা।

এনে পৰিস্থিতিৰ মাজতে সোমবাৰে দিনৰ ভাগত বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্তই ফেচবুকত দিলে এটা বিশেষ পোষ্ট। পোষ্টটোত শিল্পী মানস ৰবীনক একপ্ৰকাৰে আক্ৰমণ কৰি দত্তউ লিখিলে এনেদৰে- মানস ৰবীন দাই জুবিন দাৰ পৰা লোৱা ৩লাখটো গৰিমা বৌক সোনকালে ঘূৰাই  দিলে ভাল আছিল!

9cd2e5d4-24d0-452c-8c8f-be20205f779d

বিজেপি নেতাগৰাকীৰ এই পোষ্টতো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে মানস ৰবীনে সেই পোষ্টটোতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। শিল্পীগৰাকীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এনেদৰে-  

1c373343-b927-430e-9e1e-331c0e8a5ef5 (2)

কথা ইমানতে অন্ত নপৰিল। বিভিন্নজনে উক্ত বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সামাজিক মাধ্যমতে। কথাটো বিয়পি যোৱা দেখি মানস ৰবীনে পুনৰ প্ৰত্ত্যুত্তৰ দিলে বিজেপি নেতাগৰাকীক। এইবাৰ মানস ৰবীনে ক'লে- কথাটো গম পালাই যেতিয়া হিমন্তদাক কৈ SITক মোক arrest কৰিবলৈ কৈ দিয়া , কি নো Facebook Facebook খেলি আছা। 

এনেকৈয়ে ফেচবুকতে কথাক কটাকটি চলি থাকিল। এই বিষয়ৰ সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি অসমীয়া প্ৰতিদিন ডিজিটেলে যোগাযোগ কৰিছিল মানস ৰবীনৰ সৈতে। শিল্পীগৰাকীয়ে অসমীয়া প্ৰতিদিনত এই বিষয়টো হাস্যকৰ আৰু একপ্ৰকাৰৰ ভিত্তিহীন বুলি কয়। তেওঁ লগতে কয়, জুবিন গাৰ্গ আৰু মোৰ মাজত অতি ঘৰুৱা সম্পৰ্ক। তাত এনেবোৰ কথা বিজেপি নেতাগৰাকীয়ে ক'ত শুনিলে, কেনেকৈ গম পালে সেয়া তেওঁহে গম পাব। মই ইতিমধ্যে তেওঁক কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ মোক এছ আই টিৰ দ্বাৰা গ্ৰেপ্তাৰ কৰিবলৈ।

মানস ৰবীনে লগতে কয়,  এইবোৰ ওপৰুৱা কথাত লাগি জুবিন গাৰ্গৰ মূল কথাৰ পৰা আতঁৰি যোৱা হৈছে নেকি সেয়াও ভাৱিব লাগে। কোনোবাই মন গলেই কিবা এটা কৈ দিব আৰু সেইটোক লৈয়ে আমি ব্যস্ত হৈ থাকিম। তেনে কৰিলে বেয়া দেখি।' উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ প্ৰথমৰে পৰাই সৰৱ হৈ আহিছে মানস ৰবীন। জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ লগতে অন্যান্যা প্ৰাসংগিক বিষয়সমূহক লৈ চৰকাৰৰ নীতিকো সমালোচনা কৰি আহিছে মানস ৰবীনে। 

জুবিন গাৰ্গ বিজেপি মানস ৰবীন