New Update
/asomiyapratidin/media/media_files/2025/12/05/jjjjdd-2025-12-05-22-01-45.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব বিখ্যাত পপ সংগীতৰ গায়ক পোষ্ট মেলনৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানক লৈ ইতিমধ্যে সূত্ৰপাত হৈছে তীব্ৰ বিৰ্তকৰ। ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে আয়োজন কৰা এই অনুষ্ঠানটো জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিবেদন দাখিল কৰাৰ দিনটোতে অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
এনে সময়তে এই বিষয়টোক লৈ সামাজিক মাধ্যমত মত ব্যক্ত কৰিছে শিল্পী মানস ৰবীনে। শিল্পীগৰাকীয়ে লিখিছে- পোষ্ট মেলন আমেৰিকাৰ এজন নৱপ্ৰজন্মৰ অতীৱ জনাজাত প’প - ৰেপ্ গায়ক তথা লিখক। তেখেতে গেমীৰ বাহিৰে ইতিমধ্যে বিশ্ব সংগীতৰ আটাইবোৰ বঁটাই বুটলিবলৈ সক্ষম হৈছে। তেখেতৰ এখন লাইভ কনচাৰ্ট অসমতে চাবলৈ পোৱাটো সংগীত প্ৰেমিৰ বাবে খুৱ সুন্দৰ সুযোগ। এতিয়া পোষ্ট মেলনৰ অনুষ্ঠানটোৰ লগত আমাৰ জুবিন দাৰ ঘটনাটোক সাঙুৰি একাকাৰ কৰি দিয়াটো ভাল হৈছে জানো !! কাৰণ, জুবিন দাৰ ঘটনাটো ঘটাৰ বছৰ পূৰ্বেই ছাগে তেওঁৰ এই অনুষ্ঠানটো ঠিক কৰা গৈছিল । এতিয়া এই অনুষ্ঠানক বাধা দিলে জুবিনৰ ৰাজ্য খনৰ লগতে অসমীয়া মানুহৰ বিশ্বজুৰি বদনামহে হ’ব ।
মানস ৰবীনে লগতে লিখিছে- দ্বিতীয় কথা, পোষ্ট মেলনৰ এই অনুষ্ঠানটো অসম চৰকাৰে চৰকাৰী খৰচত আয়োজন কৰা বুলি শুনিছোঁ আৰু ইয়াৰ জৰিয়তে অসমৰ পৰ্যটন উদ্যোগটোক শক্তিশালী কৰাৰ পৰিকল্পনা কৰা বুলি শুনিছোঁ। ইয়াৰ পূৰ্বেও প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচেদৰ কৰিছিল, নমামী ব্ৰহ্মপুত্ৰ পাতিছিল। এইবোৰৰ জৰিয়তে আমাৰ পৰ্যটন উদ্যোগৰ কিবা লাভ হৈছেনে নাই তাৰ খতিয়ান চৰকাৰৰ পৰা বিচৰাটো প্ৰতিজন বিৰোধী জনপ্ৰতিনিধিৰ কাম বুলি মই ভাৱো। তৃতীয়তে , বিভিন্ন মাধ্যমৰ পৰা গম পাইছো, পোষ্ট মেলনৰ অনুষ্ঠানৰ দিনাই অসমৰ ৰাইজে অধিৰ আগ্ৰহেৰে ৰৈ থকা জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ এছআইটি তদন্তৰ প্ৰতিবেদন দাখিল কৰা হ’ব। এই কথাটো হ’লে ভুল কৰা হ’ব। প্ৰতিবেদন হয় এদিন আগত জমা দিয়ক, নহয় দুদিন পাছত দিয়ক। যদি কথাটো সঁছা হয় তেনে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক। পোষ্ট মেলন আৰু জুবিন গাৰ্গক একাকাৰ নকৰিবলৈ মই অনুৰোধ জনালোঁ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us