/asomiyapratidin/media/media_files/2025/11/27/1-2025-11-27-12-22-49.jpg)
ডিজিটেল ডেস্কঃ জৈৱ-বৈচিত্র্যৰ দিশেৰে অতি চহকী মানস ৰাষ্ট্ৰীয় উদ্যান। এই মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। বাক্সা জিলাৰ উত্তৰাঞ্চলত ৮৫০ বৰ্গকিলোমিটাৰ এলেকাজুৰি বিস্তৃত মানসৰ লগতে সংলগ্ন হৈ আছে ভূটানৰ ১,০৫৭ বৰ্গকিলোমিটাৰ এলেকাৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/download-1-2025-11-27-12-12-55.jpeg)
উল্লেখ্য যে প্ৰতিবছৰে মানসৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জীৱ-জন্তু চাবলৈ দেশী বিদেশী পৰ্যটকে ভিৰ কৰে মানসত। ইপিনে যোৱা ২৪ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল মানস ৰাষ্ট্ৰীয় উদ্যান। এতিয়া লাহে-লাহে মানসলৈ আগমন ঘটিছে স্থানীয় পৰ্যটকৰ। পূৰ্বে স্বাভাৱিকভাৱেই হ্ৰাস পাইছিল স্থানীয় পৰ্যটকৰ সংখ্যা। কেৱল মানস ৰাষ্ট্ৰীয় উদ্যানেই নহয় কাজিৰঙা, পবিতৰাতো কমিছিল স্থানীয় পৰ্যটক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/manas-national-park-safari3-2025-11-27-12-13-25.jpg)
তাৰোপৰি প্ৰতিদিনে মানস ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ আহিছে পৰ্যটক। জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰীৰ আনন্দ লৈছে পৰ্যটকেসকলে। লগতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু বিশেষকৈ বন্যপ্ৰাণীৰ বিচৰণে পৰ্যটকসকলক আকৰ্ষিত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/manas-np1_fi-2025-11-27-12-14-24.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us