জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত উপস্থিত আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা !

অসমৰ সংগীত জগতৰ উজ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈ আছে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ তদন্তৰো দাবী তুলিছে একাংশই। ইয়াৰ মাজতে চৰ্চিত হৈছে আন এক ঘটনা

author-image
Asomiya Pratidin
New Update
416

ডিজিটেল ডেস্ক : অসমৰ সংগীত জগতৰ উজ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈ আছে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ তদন্তৰো দাবী তুলিছে একাংশই।

ইয়াৰ মাজতে চৰ্চিত হৈছে আন এক ঘটনা। এই ঘটনাৰ সূত্ৰপাত হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ। 

মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়ত উপস্থিত আছিল নেকি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা- এই প্ৰশ্নই এতিয়া সামাজিক মাধ্যম তোলপাৰ লগাইছে। শিল্পীগৰাকীৰ শেষকৃত্য পৰ্ব চলি থকাৰ সময়ত হেনো জুবিন গাৰ্গৰ মেনেজাৰ তথা শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা সিদ্ধাৰ্থ শৰ্মা উপস্থিত আছিল। 

একাংশ লোকৰ মতে শেষকৃত্যৰ সময়ত ভি আই পিৰ শাৰীত থিয় হৈ আছিল সিদ্ধাৰ্থ শৰ্মা। মুখখন গামোচাৰে লুকাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল সিদ্ধাৰ্থ শৰ্মাক।

এই ঘটনা এতিয়া জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে সচেতন মহলতো চৰ্চিত হৈছে। হয়তো উপযুক্ত তদন্ত হ’লে এই খবৰ সঁচা নে মিছা, সেয়া পোহৰলৈ আহিব।

জুবিন গাৰ্গ