অমানৱীয় ঘটনা! সম্পত্তিৰ বাবেই পুত্ৰক হাতুৰীৰে কোবাই হত্যা, আৰক্ষী থানাত আত্মসমৰ্পণ হত্যাকাৰী পিতৃৰ…

অমানৱীয় ঘটনা! সম্পত্তিৰ বাবেই পুত্ৰক হাতুৰীৰে কোবাই হত্যা, আৰক্ষী থানাত আত্মসমৰ্পণ হত্যাকাৰী পিতৃৰ…

author-image
asomiyapratidin
New Update
অমানৱীয় ঘটনা! সম্পত্তিৰ বাবেই পুত্ৰক হাতুৰীৰে কোবাই হত্যা, আৰক্ষী থানাত আত্মসমৰ্পণ হত্যাকাৰী পিতৃৰ…

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হৈছে অমানৱীয় কাণ্ড। সম্পত্তিৰ বাবেই পুত্ৰক হত্যা কৰিলে পিতৃয়ে। এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত। পুত্ৰক হত্যা কৰাৰ পাছত আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে হত্যাকাৰী পিতৃয়ে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Advertisment

জানিব পৰা মতে, হত্যাকাৰীজনৰ নাম বীৰা ৰাজু বুলি চিনাক্ত কৰা হৈছে। চিচি টিভি ভিডিঅ'ত দেখা পোৱা মতে, মৃত জলা ৰাজুৱে ঘৰৰ বাৰান্দাত এখন ষ্টুলত বহি আছিল। সেই সময়তে পাছ ফালৰ পৰা আহি মূৰত হাতুৰীৰে আক্ৰমণ কৰে পিতৃয়ে। আৰু তাৰপাছত মৃত্যু হয় জলা ৰাজুৰ।

আৰক্ষীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে, দুয়োৰে মাজত যোৱা কিছুদিন ধৰি সম্পত্তিৰ বাবে বিবাদ সৃষ্টি হৈ আহিছিল। আৰু অৱশেষত বীৰা ৰাজুৱে হাতুৰীৰে কোবাই হত্যা কৰে পুত্ৰক। এই ঘটনা সংঘটিত হোৱাৰ পাছত অভিযুক্ত বীৰা ৰাজুৱে আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে।