কান্ধত মটৰচাইকেল তুলি পাৰ হ’ল ৰে’ল ক্ৰচিং : সামাজিক মাধ্যমত ভাইৰেল দৃশ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা আশ্বৰ্যজনক আৰু চাঞ্চল্য সৃষ্টিকাৰী ভিডিঅ’। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে, এটা বন্ধ ৰে’ল ক্ৰচিঙত ৰৈ থাকিব নোৱাৰি এজন ব্যক্তিয়ে এক কুইণ্টল ১২ কিলোগ্ৰাম ওজনৰ

author-image
Asomiya Pratidin
New Update
124

ডিজিটেল ডেস্ক : শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা আশ্বৰ্যজনক আৰু চাঞ্চল্য সৃষ্টিকাৰী ভিডিঅ’। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে, এটা বন্ধ ৰে’ল ক্ৰচিঙত ৰৈ থাকিব নোৱাৰি এজন ব্যক্তিয়ে এক কুইণ্টল ১২ কিলোগ্ৰাম ওজনৰ মটৰচাইকেলখন কান্ধ তুলি ৰে’ল ক্ৰচিং পাৰ হৈ গৈছে।

Advertisment

এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে একাংশৰ মনত নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যদিও ৰে’লৰ সুৰক্ষা আইন ভংগ কৰাৰ বাবে বিতৰ্কত সোমাই পৰিছে ব্যক্তিগৰাকী। অৱশ্যে ঘটনাৰ স্থান আৰু ব্যক্তিজনৰ পৰিচয় এতিয়ালৈকে ৰাজহুৱা হোৱা নাই।  

ভিডিঅ’টোত দেখা অনুসৰি তেওঁ মটৰচাইকেলখন কান্ধত তুলি বেগাই খোজকাঢ়ি ৰে’ল ক্ৰচিংটো পাৰ হৈছিল। তাৰোপৰি ক্ৰচিংৰ ওচৰতে থকা আন একাংশ লোকে তেওঁক বাহুবলী বুলি অভিহিত কৰিছে। 

অৱশ্যে সামাজিক মাধ্যমত এগৰাকীয়ে এনেদৰেও মন্তব্য কৰিছে যে, পুৰুষৰ জীৱন ইমান সহজ নহয়। সময় আৰু উপাৰ্জনৰ বাবে আজি এজন পুৰুষে নিজৰ জীৱনকো তুচ্চ কৰি এনে কাম কৰিবলৈ বাধ্য হৈছে।

ৰে'ল