গুৱাহাটীত পুনৰ 'হিট এণ্ড ৰাণ'ৰ ঘটনাত এজনৰ মৃত্যু...

পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে হিট এণ্ড ৰাণৰ ঘটনা। জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ লালমাটিত শুকুৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা। এই ঘটনতা এজন ব্যক্তিৰ মৃত্যু হৈছে। 

author-image
Tushar Pratim
New Update
hit and run 19

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে 'হিট এণ্ড ৰাণ'ৰ ঘটনা। জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ লালমাটিত শুকুৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা। এই ঘটনতা এজন ব্যক্তিৰ মৃত্যু হৈছে। 

খবৰ অনুসৰি ঘটনাত নিহত ব্যক্তিজনে মূল পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে এখন ট্ৰাকে তেওঁক খুন্দা মাৰে। ফলত অতি গুৰুতৰভাৱে আহত হয় ব্যক্তিজন। অতি ব্যস্ত অঞ্চলত সংঘটিত হোৱা এই ঘটনাৰ পাছতে স্থানীয় বশিষ্ঠ আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

অতি সংকটজনক অৱস্থাত আৰক্ষীয়ে তেওঁক স্থানীয় হাস্পতালত ভৰ্তি কৰিছিল যদিও কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত নিহত ব্যক্তিজনক নিপেন নাথ বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। জানিব পৰা মতে বশিষ্ঠ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি পলায়ন কৰা ট্ৰাকখনৰ সন্ধানত আছে। 

দুুৰ্ঘটনা হিট এণ্ড ৰাণ