/asomiyapratidin/media/media_files/2025/08/12/1-2025-08-12-08-36-28.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰ পুনৰ হাতী মানুহৰ সংঘাতে লৈছে তীব্ৰ ৰূপ। শিলঘাটৰ কলিয়াবৰ চাহ বাগিছাৰ বৰ লাইনত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় ভয়াবহ ঘটনা।
বনৰীয়া হাতীৰ আক্ৰমণত নিজৰ ঘৰৰ চোতালতে গুৰুতৰভাৱে আহত হয় সংগীতা সেৰ' নামৰ এগৰাকী ৩০ বছৰীয়া যুৱতীগৰাকী।
স্থানীয় লোকৰ সহায়ত ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত গুৰুতৰভাৱে আহত সংগীতাক ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
উল্লেখযোগ্য যে ,কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা দুটাকৈ বনৰীয়া হাতীয়ে পাকঘৰ ভাঙি থকা অৱস্থাত সংগীতা ঘৰ সন্মুখৰ দৰ্জাৰে ওলাই আহোতে আনটো হাতীয়ে আক্ৰমণ কৰে সংগীতা সেৰ'ক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us