Advertisment

ড০ মামণি ৰয়ছম গোস্বামীৰ পবিত্ৰ স্মৃতি দিৱস উদযাপন

মামণি ৰয়ছম গোস্বামীক সোঁৱৰণ কৰাৰ মানসেৰে তেওঁৰ 'বৃত্তৰ পৰিধি ভাঙি ' শীৰ্ষক গ্ৰন্থখনৰ কিছু অংশ দলীয়ভাৱে পাঠ কৰে অদিতি বড়া আৰু সাৰ্থক প্ৰতীম কাশ্যপে।"তোমাৰ কন্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ"  শীৰ্ষক কবিতাটি দলীয়ভাৱে পাঠ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটী:  জ্ঞানপীঠ বঁটাৰে বিভূষিতা, প্রথিতযশা কথাশিল্পী মামণি ৰয়ছম গোস্বামীৰ ১৩সংখ্যক মৃত্যু বার্ষিকী। সেই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ "নবীন লেখক-লেখিকা আৰু শিল্পী সমিতি"ৰ উদ্যোগত সাহিত্যিকগৰাকীক শ্রদ্ধা নিবেদনৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয়ৰ এম.চি.বি. ভৱনৰ সভাকক্ষত এক অনুষ্ঠান আয়োজন কৰা হয়।

Advertisment

'নবীন' সাহিত্য গোটৰ ভাৰপ্ৰাপ্ত সম্পাদকদ্বয় ক্ৰমে কৌশিকী গোস্বামী আৰু শ্ৰুতাৰ্থা ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ-পূব এছিয়া ৰামায়ণ গবেষণা কেন্দ্ৰৰ সভাপতি, জ্ঞানপীঠ বিজয়িনীৰ ভগ্নী সবিতা শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মহেশ্বৰ কলিতা আৰু সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা বাগ্মিতা শাণ্ডিল্যই। 

পোনপ্ৰথমে নবীন সাহিত্য গোটৰ সমবেত সংগীত পৰিৱেশনৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয়।সমবেত সংগীত পৰিবেশন কৰে নবীনৰ সদস্যা ক্ৰমে ভায়োলীনা চহৰীয়া, দৃতিষা বুজৰবৰুৱা, গায়ত্ৰী দাস , তানিশা দাস, পৰী বৰা, মেঘালী কৌশিক , আত্ৰেয়ী ভৰদ্বাজ, অনুৰাধা দাস আৰু চাইনী দত্তই। ইয়াৰ পিছতে সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ দ্বাৰা শ্ৰদ্ধা নিবেদন কৰা হয় আৰু উপস্থিত অতিথি সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সবিতা শৰ্মা,ড° মহেশ্বৰ কলিতা , বাগ্মিতা শাণ্ডিল্য, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মা আৰু নবীন সাহিত্য গোটৰ সভাপতি ড° ধ্ৰুৱজ্যোতি শৰ্মাই  অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বক্তৃতা আগবঢ়ায়। সকলোৰে সাৰগৰ্ভ বক্তৃতাই অনুষ্ঠানটিৰ গাম্ভীৰ্য বঢ়াই তোলে।

মামণি ৰয়ছম গোস্বামীক সোঁৱৰণ কৰাৰ মানসেৰে তেওঁৰ 'বৃত্তৰ পৰিধি ভাঙি ' শীৰ্ষক গ্ৰন্থখনৰ কিছু অংশ দলীয়ভাৱে পাঠ কৰে অদিতি বড়া আৰু সাৰ্থক প্ৰতীম কাশ্যপে।"তোমাৰ কন্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ"  শীৰ্ষক কবিতাটি দলীয়ভাৱে পাঠ কৰে সুকন্যা বৰগোহাঁই,গায়ত্ৰী দাস, দৃতিষা বুজৰবৰুৱাই।

ইয়াৰ লগতে কমলিকা কাশ্যপ, কিৰণময়ী সোণোৱাল, বিতুপন নাথ, অমৃত শইকীয়াই গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি তোলাত সামজিক মাধ্যমত সহায় কৰে মনজিত, মৃগাক্ষী ডেকাৰজা, দিপজ্যোতি ভট্টাচাৰ্যই। লগতে স্বেচ্ছাসেৱক হিচাপে উপস্থিত থাকে বিতুপন নাথ,  সাৰ্থক , ড্ৰণা আৰু হষ্ট্ৰি দত্তই। শেষত নবীন সাহিত্য গোটৰ আহ্বায়িকা এঞ্জেলিনা দাসে শলাগৰ শৰাই  আগবঢ়ায়।

মামণি ৰয়ছম গোস্বামী