/asomiyapratidin/media/media_files/2025/11/15/220-2025-11-15-08-32-54.jpg)
ডিজিটেল ডেস্ক : বিহাৰত এন ডি এৰ জয়জয়কাৰে চিন্তিত কৰিছে মমতা বেনাৰ্জীক। অহা বছৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিতব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দুশ্চিন্তা বিহাৰৰ নিৰ্বাচনী ফলাফলে দ্বিগুণ কৰিলে।
বিহাৰত পুনৰ এন ডি এই ক্ষমতা দখল কৰাটো নিশ্চিত হোৱাৰ সময়তে বিজেপিৰ কেইবাগৰাকীও নেতাই এইবাৰ দলটোৰ লক্ষ্য পশ্চিমবংগ হ’ব বুলি ঘোষণা কৰিছে। অমিত মালব্যই এইক্ষেত্ৰত মত প্ৰকাশ কৰি কয় যে, বিহাৰৰ ফলাফলে পশ্চিমবংগৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব।
দলটোৱে তৃণমূলক ক্ষমতাচ্যুত কৰাৰ বাবে সাম্ভাৱ্য সকলোখিনি কৰিব বুলি ঘোষণা কৰাৰ লগে লগে মমতা বেনাৰ্জীৰো নিদ্ৰা হৰিছে। আগত দিনসমূহত বিজেপিয়ে গ্ৰহণ কৰিবলগীয়া নিৰ্বাচনী কৌশল প্ৰতিহত কৰাৰ বাবে মমতা বেনাৰ্জীয়ে ইতিমধ্যে প্ৰচেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us