মোডীৰ পত্নীৰ সৈতে হঠাৎ মমতাৰ সাক্ষাৎ…

মোডীৰ পত্নীৰ সৈতে হঠাৎ মমতাৰ সাক্ষাৎ…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীৰ পত্নীক কলকাতাৰ বিমান বন্দৰত লগ পালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই সাক্ষাৎকালত মমতা বেনাৰ্জীয়ে মোডীৰ পত্নীক যশোদাবেনক কলকাতাৰ বিশেষ শাৰী উপহাৰ ৰূপেও যাচিলে।

মমতা বেনাৰ্জী আৰু মোডীৰ পত্নী যশোদাবেনৰ এই সাক্ষাৎৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দুয়োৱে দুয়োকে নমস্কাৰ কৰি থকা মুহূৰ্তৰ ফটো বন্দী হৈছিল কেমেৰাত। প্ৰধানমন্ত্ৰী মোডীক সাক্ষাতৰ বাবে নতুন দিল্লীলৈ যাবলৈ বিমান বন্দৰলৈ গৈছিল মমতা বেনাৰ্জী।

সেই সময়তে ঝাৰখণ্ডৰ ধনবাদৰ পৰা দুদিনীয়া যাত্ৰা সামৰি ঘৰলৈ উভতাৰ উদ্দেশ্যে কলকাতা বিমান বন্দৰত উপস্থিত হৈছিল যশোদাবেন। তেতিয়াই দুয়োৰে আকস্মিক সাক্ষাৎ ঘটে। উল্লেখযোগ্য যে, কিছু সময় দুয়ো হাঁহি-মাতি কথা পাতিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী হোৱাৰ উপৰিও যশোদাবেন এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। বৰ্তমান তেওঁ গুজৰাটৰ মেহচানা জিলাৰ ব্ৰাহ্মণবাড়া গাঁৱৰ বাসিন্দা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in