/asomiyapratidin/media/media_files/2026/02/04/huguyhgii-2026-02-04-16-15-47.jpg)
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্য খনত চলি থকা SIR প্ৰক্ৰিয়াক লৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। আনকি এই আবেদন সন্দৰ্ভত তেওঁ নিজে অধিবক্তা হিচাপে আদালতত যুক্তি উপস্থাপন কৰাৰ অনুমতি বিচাৰিছে। এই খবৰে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।
এই আবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকী উচ্চতম ন্যায়ালয় চৌহদত উপস্থিত হোৱাৰ পিছতে আদালত চৌহদ আৰু তাৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়। উল্লেখযোগ্য যে, যদি আদালতে এই অনুমতি প্ৰদান কৰে, তেন্তে মমতা বেনাৰ্জী দেশৰ প্ৰথমগৰাকী কাৰ্যৰত মুখ্যমন্ত্ৰী হিচাপে উচ্চতম ন্যায়ালয়ৰ শুনানীত অধিবক্তা হিচাপে যুক্তি উপস্থাপন কৰাৰ এক ঐতিহাসিক দৃষ্টান্ত স্থাপন কৰিব।
মুখ্যমন্ত্ৰীৰ আবেদনখনত পশ্চিমবংগত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ এছআইআৰ প্ৰক্ৰিয়াক চেলেঞ্জ কৰা হৈছে। মমতা বেনাৰ্জীৰ অভিযোগ অনুসৰি, এই প্ৰক্ৰিয়াই বহু সংখ্যক প্ৰকৃত আৰু বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ আশংকা সৃষ্টি কৰিছে, যাৰ ফলত নাগৰিকৰ ভোটাধিকাৰ খৰ্ব হ’ব পাৰে।
মমতা বেনাৰ্জীয়ে দাবী কৰিছে যে, পশ্চিমবংগত চলি থকা সমগ্ৰ SIR প্ৰক্ৰিয়া বাতিল কৰা হওক আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচন কেৱল ২০২৫ চনৰ বিদ্যমান ভোটাৰ তালিকাৰ আধাৰত অনুষ্ঠিত কৰা হওক। মুখ্যমন্ত্ৰী গৰাকীৰ মতে, ২০০২ চনৰ পুৰণি ভোটাৰ তালিকাৰ আধাৰত আৰু অত্যাধিক কঠোৰ নীতি অনুসৰি কৰা এই প্ৰক্ৰিয়াই সাধাৰণ ৰাইজক অযথা হাৰাশাস্তিৰ সন্মুখীন কৰিছে।
ইফালে, এই আবেদনখনত মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগৰ ২৪ জুন ২০২৫ আৰু ২৭ অক্টোবৰ ২০২৫ তাৰিখৰ নিৰ্দেশসমূহ বাতিল কৰাৰ দাবী জনাইছে। তেওঁ উল্লেখ কৰে যে, ভোটাৰৰ নামৰ বানানৰ সামান্য ভুল, বয়সৰ অলপ পাৰ্থক্য বা পিতৃ-মাতৃৰ নামৰ ভিন্নতাৰ বাবে ভোটাৰসকলক জাননী জাৰি কৰা হৈছে।
একেদৰে, মমতা বেনাৰ্জীয়ে আদালতক এই ধৰণৰ কাৰ্যবিধিত স্থগিতাদেশ জাৰি কৰাৰ লগতে নিৰ্বাচনী বিষয়াসকলক নিজেই চৰকাৰী নথিৰ আধাৰত সংশোধন কৰিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে। লগতে আধাৰ কাৰ্ডক বৈধ পৰিচয় প্ৰমাণ হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰি ভোটাৰসকলক বাৰে বাৰে অতিৰিক্ত নথিপত্ৰ জমা দিবলৈ বাধ্য নকৰিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে, পূৰ্বে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগত SIR প্ৰক্ৰিয়াৰ সময়ত সাধাৰণ ৰাইজে ভোগ কৰা সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। আদালতে নিৰ্বাচন আয়োগক এই প্ৰক্ৰিয়া স্বচ্ছ, সহজ আৰু ভোটাৰৰ বাবে সহজ কৰি ৰখাৰ লগতে কোনো যোগ্য ভোটাৰৰ নাম খেয়ালখুচি মতে বাদ নিদিবলৈ স্পষ্ট নিৰ্দেশ দিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us