/asomiyapratidin/media/media_files/2026/02/04/jhgjhnbjnbjnb-2026-02-04-18-03-56.jpeg)
ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ত SIRৰ বিৰুদ্ধে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অধিবক্তা ৰূপত যুক্তি দৰ্শায়। ন্যায়ালয়ত শুনানি গ্ৰহণৰ সময়ত মমতা বেনাৰ্জীয়ে কয় যে- মই এইখন ৰাজ্যৰে নিবাসী, সেয়েহে মই সকলো ব্যাখ্যা কৰিব পাৰিম।
ন্যায়াধীশৰ আগত অধিবক্তা ৰূপে মমতা বেনাৰ্জীয়ে কয়- আমি ন্যায় লাভ কৰা নাই। মই এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছো যদিও নিজৰ পাৰ্টীৰ বাবে যুদ্ধ দি আছো। ইয়াৰ পাছতে মুখ্য ন্যায়াধীশে কয়- পশ্চিমবংগ চৰকাৰেও এই সন্দৰ্ভত আইনী যুঁজ দি আছে।
মুখ্য ন্যায়াধীশৰ পাছত মমতা বেনাৰ্জীয়ে কয় যে- ৬বাৰকৈ দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে যদিও আজিলৈকে আয়োগৰ তৰফৰ পৰা কোনো উত্তৰ দিয়া হোৱা নাই। সেয়েহে অনুভৱ হৈছে যে আমি ন্যায় নাপাম। মুখ্য ন্যায়াধীশগৰাকীয়ে তাৰপাছত কয়- সকলো সমস্যাৰে সমাধান আছে। এইটো সমস্যাৰো সমাধান ওলাব। আপোনালোকৰ তৰফৰ পৰা উত্থাপন কৰা সমস্যাসমূহ আমি গভীৰভাৱে লৈছো।
ইয়াৰপাছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায়ালয়ত কয়- আমি এইটো নিবিচাৰো যাতে ভাষা সম্পৰ্কীয় সমস্যা বা নামৰ ক্ষেত্ৰত থকা পাৰ্থক্যৰ বাবে কোনো লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হওঁক। নিৰ্বাচন আয়োগে মহামান্য আদালতৰ নিৰ্দেশ অবমাননা কৰিছে। বহু কেইগৰাকী BLOৰ ইতিমধ্যে মৃত্যু হৈছে। কেৱল পশ্চিমবংগক লক্ষ্য কৰি লোৱা হৈছে। অসমক লক্ষ্য কৰি লোৱা হোৱা নাই বুলিও প্ৰশ্ন কৰে মমতা বেনাৰ্জীয়ে।
আজিৰ শুনানিৰ অন্তত উচ্চমত ন্যায়ালয়লৈ পুনৰ সোমবাৰে শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি কয় যে- আমি ভাবো যে এই সমস্যাৰ সমাধান বিচাৰি পাম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us