সদনত মৃত মাতৃৰ শপত খাই চৰকাৰৰ কি সিদ্ধান্তৰ বিৰোধিতা কৰিলে কংগ্ৰেছ সভাপতিয়ে...

মনৰেগা আচঁনিৰ নাম সলনি কৰাক লৈ বৃহস্পতিবাৰে মাজ নিশা লৈকে সদনত অব্যাহত থাকে শাসক-বিৰোধীৰ তৰ্ক-বিতৰ্ক।  মনৰেগা আচঁনিৰ নাম 'জী ৰামজী বিল' নামেৰে  নতুনকৈ

author-image
Asomiya Pratidin
New Update
ujjdd

ডিজিটেল ডেস্কঃ মনৰেগা আচঁনিৰ নাম সলনি কৰাক লৈ বৃহস্পতিবাৰে মাজ নিশা লৈকে সদনত অব্যাহত থাকে শাসক-বিৰোধীৰ তৰ্ক-বিতৰ্ক।  মনৰেগা আচঁনিৰ নাম 'জী ৰামজী বিল' নামেৰে  নতুনকৈ নামাকৰণ কৰি মনৰেগা বিলুপ্তি কৰাক লৈ সদনত উদাত্ত যুক্তি দাঙি ধৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই।

মনৰেগাৰ নাম তথা এই আঁচনিখন বিলুপ্তিকৰণ কৰাক বিষয়টো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বুলি আখ্যা দি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় যে,  মই সৰুতে মাক হেৰুৱাইছো। সেই মাৰ শপত খাই কৈছো যে, চৰকাৰৰ এই সিদ্ধান্ত সাধাৰণ লোকৰ কল্যাণ সাধন নকৰে। এই আঁচনিখন নাম সলনিকৰণৰ মই পুৰ্ণ বিৰোধিতা কৰিছো আৰু চৰকাৰক এই বিলখন পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছো।

আনহাতে চৰকাৰে এই আঁচনিখনৰ নাম সলনিৰ আঁৰত ৰাজনীতি জড়িত থকাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে। তেওঁ কয় যে, চৰকাৰৰ এই কামৰ আঁৰত গোপন এজেণ্ডা আছে, যিটো তেওঁলোকে ৰাজহুৱা কৰিবলৈ কুন্ঠাবোধ কৰিছে।

মনৰেগা বিলুপ্তিকৰণৰ বাবে আগন্তুক সময়ত কৃষক আন্দোলনৰ দৰে প্ৰতিবাদ হব বুলিও আশংকা কৰে মল্লিকাৰ্জুন খৰ্গেই। চৰকাৰে ভৱিষ্যতে দেশত এনে পৰিস্থিতি উদ্ভৱ হোৱাটো বিচাৰিছে নেকি বুলিও ৰাজ্যসভাত প্ৰশ্ন উত্থাপন কৰে তেওঁ। 

কংগ্ৰেছ নিখিল ভাৰত কংগ্ৰেছ কমিটি