মুখ্যমন্ত্ৰী হোৱাৰ হেপাঁহ! অসমৰ দৰে বিসম্বাদেই পতন ঘটাব নেকি কৰ্ণাটক কংগ্ৰেছক...

মুখ্যমন্ত্ৰীৰ আসনখনক লৈ কৰ্ণাটক কংগ্ৰেছত অব্যাহত আছে অৰিয়াঅৰিঁ। বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ ফৈদ আৰু ডি.কে. শিৱকুমাৰৰ ফৈদে পৃথকে পৃথকে আলোচনা কৰিছে কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে। ডি কে শিৱকুমাৰ ফৈদৰ দাবী

author-image
Asomiya Pratidin
New Update
jjjdd

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ আসনখনক লৈ কৰ্ণাটক কংগ্ৰেছত অব্যাহত আছে অৰিয়াঅৰিঁ। বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ ফৈদ আৰু ডি.কে. শিৱকুমাৰৰ ফৈদে পৃথকে পৃথকে আলোচনা কৰিছে কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে। ডি কে শিৱকুমাৰ ফৈদৰ দাবী যে, কৰ্ণাটক নিৰ্বাচনত জয়ী হওঁতেই চুক্তি আছিল যে, আঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব সিদ্দাৰমাইয়া আৰু বাকী সময়খিনিত মুখ্যমন্ত্ৰীত্ব চম্ভালিব ডি কে শিৱকুমাৰে।  ইতিমধ্যে সিদ্দাৰমাইয়াৰ আঢ়ৈ বছৰৰ কাৰ্যকাল শেষ হৈছে। সেয়েহে এতিয়া ডি কে শিৱকুমাৰৰ ফৈদে আৰম্ভ কৰিছে বিদ্ৰোহ।

কৰ্ণাটকত নেতৃত্বৰ পৰিৱৰ্তন সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাৰ মাজতে বুধবাৰেকংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে আলোচনাৰ অন্তত বিষয়টো সমাধান কৰিব বুলি কয়। ৰাজ্যত মুখ্যমন্ত্ৰীৰ সম্ভাৱ্য পৰিৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে শাসকীয় কংগ্ৰেছ দলৰ ভিতৰত বিসম্বাদ তীব্ৰতৰ হৈ পৰাত খাৰ্গেৰ এই বক্তব্যই তাৎপৰ্য লাভ কৰিছে।

কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে, "মই ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰিম। তাৰ পিছত সমস্যাটো সমাধান হ'ব।" ইফালে সিদ্দাৰমাইয়াই কয় যে তেওঁ সম্পূৰ্ণ পাঁচ বছৰীয়া কাৰ্যকাল মুখ্যমন্ত্ৰী হৈ থাকিব আৰু ভৱিষ্যতেও ৰাজ্যৰ বাজেট দাখিল কৰি যাব।

ডি.কে. শিৱকুমাৰেও কয় যে,  মুখ্যমন্ত্ৰী সলনিৰ বিষয়টো ৰাজহুৱাভাৱে আলোচনা কৰিব নিবিচাৰে, কিয়নো এইটো দলৰ ভিতৰত চাৰি-পাঁচজন লোকৰ মাজত হোৱা গোপন চুক্তি আৰু তেওঁ নিজৰ বিবেকক বিশ্বাস কৰে।  শেহতীয়াকৈ সিদ্দাৰমাইয়াই উল্লেখ কৰিছে যে এই বিষয়ত হাইকমাণ্ডৰ সিদ্ধান্ত তেওঁ আৰু শিৱকুমাৰকে ধৰি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব। তেওঁ দলৰ শীৰ্ষ নেতাসকলক যিকোনো খেলিমেলি দূৰ কৰিবলৈ আহ্বান জনোৱাৰ কথাও ব্যক্ত কৰে। 

ৰাজ্যখনত সঘনাই নেতৃত্বৰ সৈতে হোৱা বৈঠকৰ বাবে ৰাজনৈতিক বিশ্লেষকসকলে সন্দেহ প্ৰকাশ কৰিছে যে, যিকোনো সময়তে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰত বৃহত সাল-সলনি হ'ব পাৰে। 

কৰ্ণাটক নিৰ্বাচন কৰ্ণাটক কৰ্ণাটক চৰকাৰ