প্ৰসংগ-কামাখ্যা কৰিড'ৰঃ চৰকাৰৰ শেহতীয়া স্থিতিক লৈ ক্ষুব্ধ সমাজকৰ্মী গীতিকা ভট্টাচার্য

প্ৰসংগ-কামাখ্যা কৰিড'ৰঃ চৰকাৰৰ শেহতীয়া স্থিতিক লৈ ক্ষুব্ধ সমাজকৰ্মী গীতিকা ভট্টাচার্য

author-image
Asomiya Pratidin
New Update
প্ৰসংগ-কামাখ্যা কৰিড'ৰঃ চৰকাৰৰ শেহতীয়া স্থিতিক লৈ ক্ষুব্ধ সমাজকৰ্মী গীতিকা ভট্টাচার্য

ডিজিটেল সংবাদ,গুৱাহাটীঃ শক্তিপীঠ কামাখ্যাত প্ৰস্তাৱিত কৰিড'ৰ নিৰ্মাণ সন্দৰ্ভত চৰকাৰৰ শেহতীয়া স্থিতিক লৈ ক্ষুণ্ণ সমাজকৰ্মী গীতিকা ভট্টাচার্য। একাংশ দাবী লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন জনাইছিল সমাজকৰ্মী ভট্টাচার্যই। এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ত বিচাৰ অব্যাহত আছে যদিও ইয়াৰ মাজতে বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে ন্যায় ব্যৱস্থাক ভেঙুচালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

Advertisment

চৰকাৰে মন্দিৰৰ গৰ্ভগৃহত থকা প্ৰবাহমান জলধাৰাসহ অন্যান্য বিষয় সম্পৰ্কে আদালতত পূৰ্বতে দিয়া শপতনামা সলনি কৰাৰো অভিযোগ উঠাইছে। জানিব পৰা মতে,চৰকাৰে পূৰ্বে শপতনামা দিছিল, প্ৰবাহমান জলধাৰাৰ লগতে অন্যান্য বিষয়ক লৈ এক GIO HYDROLOGICAL SURVEYৰ বাবে IIT গুৱাহাটীৰে বুজাবুজি চুক্তি কৰিব। IIT গুৱাহাটীয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি প্ৰতিবেদন দিয়াৰ পিছতহে কৰিড'ৰ নিৰ্মাণৰ বিষয়টো আগবাঢ়িব। কিন্তু বিগত ২৪ জুলাইত পুৰণি শপতনামা সলনি কৰি আন এক শপতনামা দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই শপতনামা অনুসৰি IIT গুৱাহাটী নহয়, লোক নিৰ্মাণ বিভাগেহে ছাৰ্ভে কৰিব। লোক নিৰ্মাণ বিভাগ GIO HYDROLOGICAL SURVEYৰ বাবে উপযুক্ত নহয় বুলি মন্তব্য কৰিছে গীতিকা ভট্টাচার্যই। সুচাৰুৰূপত কাম নকৰিলে ভৱিষ্যতে যিকোনো প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা আছে বুলিও উল্লেখ কৰে। কাৰণ উন্নয়নৰ নামত নিৰ্মাণ কাৰ্য চলোৱা বাবে ইতিমধ্যে হিমাচল, কেদাৰনাথত জল প্ৰলয়ৰ সৃষ্টি হৈছে।

সেয়েহে শক্তিপীঠতো তেনে উন্নয়ন কৰিলে প্ৰাকৃতিক বিপদ হোৱাৰ আশংকা ব্যক্ত কৰে গীতিকা ভট্টাচার্যই। ইফালে মা কামাখ্যা ধামৰ কৰিড'ৰৰ ক্ষেত্রত চৰকাৰক প্ৰথমে জৰীপ প্ৰক্ৰিয়া সম্পূর্ণ কৰিবলৈ দাবী জনায়। লগতে এই ন্যায়িক যুঁজত ৰাইজক সহযোগ কৰিবলৈও আহ্বান জনাই সমাজকৰ্মী গীতিকা ভট্টাচার্যই।

Also Read: বজালীত কৃতী ছাত্ৰীক সম্বৰ্ধণা জিলা আয়ুক্তৰ...

KAMAKHYA CORRIDOR KAMAKHYA guwahati