/asomiyapratidin/media/media_files/2025/11/11/190-2025-11-11-18-14-52.jpg)
ডিজিটেল সংবাদ ,নগাঁও : নগাঁও চহৰৰ আমোলাপট্টিৰ প্ৰতাপ শৰ্মা পথৰ বাসিন্দা তথা শ্বহীদ মাতৃ ,অসম আন্দোলনৰ নেত্ৰী মাখনি কটকীৰ (৯৩) মঙলবাৰে বিয়লি গুৱাহাটীত থকা পুত্ৰৰ গৃহত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়। উল্লেখ্য যে তেওঁৰ পুত্ৰ শংকৰ কটকী জুয়ে পোৰা খ্যাত ৮৩ ৰ সময়ত শ্বহীদ হৈছিল।
অসম আন্দোলনৰ এগৰাকী আগশাৰীৰ নেত্ৰী হিচাপে মাখনি কটকীয়ে অসম আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল। তেওঁ সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ এগৰাকী সক্ৰিয় নেত্ৰী আছিল।
অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা অসম গণ পৰিষদৰ লগত জড়িত কটকী অসম গণ পৰিষদৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ প্ৰাক্তন উপসভানেত্ৰী আৰু মহিলা পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী আছিল।
অগপৰ সংগঠন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কটকী নগাঁৱৰ বিভিন্ন সামাজিক - সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল। তেওঁ নগাঁও জিলা মহিলা সমিতিৰ লগতো জড়িত আছিল।
মানৱ সেৱা অনুষ্ঠান সেৱাশ্ৰমৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদিকা আছিল তেওঁ। এই গৰাকী প্ৰচণ্ড জাতীয়তাবাদী চিন্তাৰ মহিলা নেত্ৰী মাখনি কটকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগনন গুণমুগ্ধই তেওঁৰ নগাঁৱৰ ঘৰত ভীৰ কৰা পৰিলক্ষিত হয়।
সৰবৰহী আৰু বিদুষী মহিলাগৰাকীৰ মৃত্যুত নগাঁৱৰ বিভিন্ন দল - সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কটকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই মহিলা নেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে মাখনি কটকী এগৰাকী জাতীয়তাবাদী চিন্তাৰ মহিলা আছিল। সমাজৰ হিতৰ বাবে আজীৱন কাম কৰি যোৱা মাখনি কটকীৰ নেতৃত্ব মনকৰিবলগীয়া। অগপক শক্তিশালী নেতৃত্ব দিয়া সৰবৰহী মহিলাগৰাকীৰ মৃত্যু জাতীয়তাবাদ ,আঞ্চলিকতাবাদৰ লগতে অগপৰ বাবে বৃহৎ ক্ষতি।কটকীৰ মৃত্যুত বৰুৱাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
তেওঁৰ মৃত্যুত অগপৰ নগাঁও জিলা সমিতি, নগাঁও - বটদ্ৰৱা বিধান পৰিষদ সমষ্টি কমিটি, নগাঁও জিলা মহিলা পৰিষদ, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, সতীৰ্থ সন্মিলন অসম আন্দোলন, অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, চন্দ্ৰজ্যোতি সংঘ, সূৰ্যোদয় সংঘ, নগাঁও নাট্য মন্দিৰ, আমোলাপট্টি নামঘৰৰ গোপিনী, নগাঁও জিলা মহিলা সমিতি, আমোলাপট্টি ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, মালভোগ বাবা আনন্দ আশ্ৰম শিৱ মন্দিৰ পৰিচালনা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়ত মাখনি কটকীয়ে তিনি পুত্র, এগৰাকী কন্যাসহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us