/asomiyapratidin/media/media_files/2025/08/14/ec-bh-14-2025-08-14-16-52-24.jpg)
ডিজিটেল ডেস্কঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ পাছত প্ৰকাশিত খচৰাৰ পৰা বাদ কৰা ৬৫ লাখ ভোটাৰৰ নাম প্ৰকাশ কৰিব লাগিব নিৰ্বাচন আয়োগে। দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক এই ৰায় প্ৰদান কৰিছে। তাৰোপৰি ন্যায়ালয়ে এই ৬৫ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কিয় বাদ পৰিল সেই কথাও ৰাজহুৱা কৰিব লাগিব।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণ সম্পৰ্কত এছ’চিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মে দাখিল কৰা এক গোচৰৰ শুনানিত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক এই স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে। শুনানিৰ সময়ত এছ’চিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মে দাবী কৰিছে যে নিৰ্বাচন আয়োগে বিহাৰৰ ৬৫ লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছে বুলি কৈছে, কিন্তু তেওঁলোকৰ সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই।
এই সন্দৰ্ভত অভিযোগকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষনে কয় যে, ৩২ লাখ ভোটাৰ স্থায়ীভাৱে প্ৰব্ৰজন কৰা বুলি দাবী কৰা হৈছে। এই সন্দৰ্ভত আন কোনো সবিশেষ দিয়া হোৱা নাই। ইয়াৰ পূৰ্বে যোৱা ১০ আগষ্টৰ গোচৰৰ শুনানিৰ সময়ত নিৰ্বাচন আয়োগে উল্লেখ কৰিছিল যে ভোটাৰ তালিকাৰ পৰা কাৰ নাম বাদ পৰিছে তাৰ সুকীয়া তালিকা প্ৰকাশৰ কোনো নিয়ম নাই। তেওঁলোকৰ নাম কিয় ভোটাৰ তালিকাৰ পৰা বাদ পৰিল সেই কথাও ক’বলৈ আয়োগ বাধ্য নহয়।
নিৰ্বাচন আয়োগে লগতে কয় যে, ভোটাৰ তালিকাৰ পৰা কাৰ নাম বাদ পৰিছে সেই তথ্য ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক দিয়া হৈছে। আদালতকো সেয়া দেখুৱাব পাৰে। কিন্তু ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকসকলৰ তালিকা প্ৰকাশ বা পৃথক কৰাৰ কোনো নিয়ম নাই।
আয়োগৰ সেই বক্তব্যৰ আধাৰতে উচ্চতম ন্যায়ালয়ে কয়, “যিহেতু বুথ পৰ্যায়ত বিএলঅ’সকলক নাম বাদ পৰা ভোটাৰৰ তালিকা দিয়া হৈছে, সেয়ে সেই তালিকা ৱেবছাইটত প্ৰকাশ কৰাত সমস্যা ক’ত?” ন্যায়ালয়ৰ এই প্ৰশ্নত নিৰ্বাচন আয়োগে কয়, “কোনো নাগৰিকৰ মৌলিক অধিকাৰ কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ ওপৰত নিৰ্ভৰশীল হ’ব নোৱাৰে।”
এই গোচৰটোতে এক অন্তৱৰ্তীকালীন নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কয় যে ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লাখ লোকৰ নাম মঙলবাৰৰ ভিতৰত প্ৰকাশ কৰিব লাগিব। বিহাৰৰ যিসকল ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেওঁলোকৰ তালিকা প্ৰতিটো ডি ই অ’ৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগে।
কেৱল সেয়াই নহয়, বাদ পৰা ভোটাৰৰ নামৰ লগতে তেওঁলোকৰ নাম কিয় বাদ পৰিছে সেই কথাও তেওঁলোকক জনাব লাগিব। এই কাৰণসমূহ বিডিঅ’ৰ কাৰ্যালয়ৰ জাননী ফলকত, বুথ-ভিত্তিক প্ৰকাশ কৰিব লাগে। যিসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে তেওঁলোকে আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পুনৰীক্ষণৰ আবেদন দাখিল কৰিব পাৰিব।
এই একেটা গোচৰতে আধাৰ কাৰ্ড সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে কয় যে, ভোটাৰ তালিকাৰ পৰা যিসকলৰ নাম বাদ পৰিছে তেওঁলোকে আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পুনৰীক্ষণৰ বাবে দাবী কৰিলে তেওঁলোকে পৰ্যবেক্ষণৰ বাবে আধৰ কাৰ্ডো দিব পাৰিব। উচ্চতম ন্যায়ালয়ে কয়, ‘আধাৰ কাৰ্ড যদি কোনো নাগৰিকৰ বৈধ পৰিচয় পত্ৰ হয়, তেন্তে ভোটাৰ তালিকাৰ পৰ্যেবেক্ষণত আধাৰ কাৰ্ড গ্ৰহণ নকৰিব কিয়?’