/asomiyapratidin/media/media_files/2025/11/17/245-2025-11-17-08-45-01.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ আজাৰা চৌহদত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ আই অ' টি ক্লাব আৰু ADBU Build ক্লাবৰ যৌথ উদ্যোগত ২৪ ঘণ্টীয়া ইনোভেশ্যন আৰু ক’ডিং মাৰাথন ‘মেক-এ-থন ২০২৫’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৩ আৰু ১৪ নৱেম্বৰ এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শীৰ্ষক অনুষ্ঠান ।
১৩ নৱেম্বৰ দিনা দুপৰীয়া ১২ বজাত স্কুল অৱ টেকন’লজীৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাই ‘মেক-এ-থন ২০২৫’ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিতিত থাকে অসমৰ ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাডাৰ জ’চ পেলেলি, সম উপাচাৰ্য্য ফাডাৰ যোচেফ নেল্লানাট আৰু এছটিপিআই গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক মধুৰ্য্য প্ৰকাশ বৰুৱা ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/17/whatsapp-ima-2025-11-17-08-39-37.jpeg)
উল্লেখযোগ্য যে, অসমৰ ১২খন বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা মুঠ ১৭টা দলে ‘মেক-এ-থন ২০২৫’ত অংশগ্ৰহণ কৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ এছডিজি ৩, ৯, ১১, আৰু ১৩ৰ সৈতে সংগতি ৰাখি খাপ খোৱা পাঁচটা মূল বিষয়—কৃষি প্ৰযুক্তি আৰু গ্ৰাম্য অৱিষ্কাৰ, স্মাৰ্ট স্বাস্থ্য সেৱা, সেউজ শক্তি আৰু স্থায়িত্ব, বিপদজনক ব্যৱস্থাপনা আৰু জলবায়ু কাৰ্য্য, আৰু মুক্ত উদ্ভাৱন সমাধানসমূহ বিকাশ কৰে ।
কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ ৰূপেশ মণ্ডল আৰু ড° নুপুৰ চৌধাৰী (CSE), লগতে ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বিভাগৰ ড° গীতু দাস আৰু ড° জ্যোতি কুমাৰ বৰ্মন ‘মেক-এ-থন ২০২৫’ৰ সমন্বয়ক হিচাপে উপস্থিত থাকে । গোটেই অনুষ্ঠানটোত পাঁচজন গুৰু-সম-বিচাৰকে দলসমূহক পৰামৰ্শ দিয়ে আৰু উদ্ভাৱন আৰু প্ৰযোজ্যতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ উদ্ভাৱনী প্ৰট’টাইপসমূহৰ মূল্যায়ন কৰে।
সামৰণি অনুষ্ঠানত এছটিপিআই গুৱাহাটীৰ আশীষ শর্মা উপস্থিত থাকে আৰু জয়ীসকলৰ নাম ঘোষণা কৰে । অসম ডন বস্ক’ বিশ্ববিদ্যালয়ে প্রথম আৰু দ্বিতীয় স্থান স্থান লাভ কৰে। একেদৰে অসম দক্ষতা বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us