Advertisment

ৰামঠগন! তেল ডিপোত পেট্ৰ'লৰ সলনি ওলাল পানী...

লেজা ফুৱেল চাৰ্ভিচ নামৰ তেল ডিপোত ভৰোৱা পাছতে তেলৰ সলনি মটৰ চাইকেলৰ টেংকীৰ পৰা ওলাইছে পানী। যাৰ ফলত ডিপোত তেল ভৰাই কিছু দূৰ যোৱাৰ পাছতেই বিকল হৈ পৰিছে মটৰ চাইকেল সমূহ।

author-image
Asomiya Pratidin
New Update
f

ডিজিটেল সংবাদ,মাজুলীঃ  মাজুলীৰ গড়মূৰ তেল ডিপোত গ্ৰাহকৰ বাইকত তেলৰ সলনি সোমাল পানী। এই ঘটনা সংঘটিত হৈছে লেজা ফুৱেল চাৰ্ভিচ নামৰ তেল ডিপোত। উক্ত ডিপোটোত তেল ভৰাই এতিয়া বিপদত পৰিছে ৰাইজ।

Advertisment

লেজা ফুৱেল চাৰ্ভিচত তেল ভৰোৱা পাছতে বিকল হৈ পৰে অৰ্ধ শতাধিক মটৰ চাইকেল। জানিব পৰা মতে, লেজা ফুৱেল চাৰ্ভিচত তেল ভৰোৱা পাছতে তেলৰ সলনি মটৰ চাইকেলৰ টেংকীৰ পৰা ওলাইছে পানী। যাৰ ফলত ডিপোত তেল ভৰাই কিছু দূৰ যোৱাৰ পাছতেই বিকল হৈ পৰিছে মটৰ চাইকেল সমূহ।এই ঘটনাৰ পাছতে তেল ডিপোটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ।

তেল ডিপো