/asomiyapratidin/media/media_files/2025/11/27/dddddddddddd-2025-11-27-12-51-26.jpg)
ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ কৃষকৰ মুখত হাঁহি বিৰিঙিছে। সোণোৱালী পথাৰত ভীষন ব্যস্ত প্ৰতিগৰাকী মাজুলীয়াল। মনবোৰ ভৰিছে সুখানুভুতিৰে। বানৰ প্ৰকোপ নাই এইবাৰ, যাৰবাবে দুগুণ বৃদ্ধি পাইছে ধানৰ উৎপাদন। মাজুলী বাওধানৰ সমান্তৰালকৈ শালি ধানৰ উৎপাদন বৃদ্ধি ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/fe64ea8a-912e-49be-a8bb-ffd6ee62f825-2025-11-27-12-43-33.jpg)
প্ৰতি বছৰে প্ৰলয়ংকাৰী বানে তচনচ কৰে মাজুলী কৃষকৰ সপোন । শইচ সম্ভৱা শাওনৰ পথাৰত বালিৰ দ'ম দেখিবলৈ পোৱা যায় । কিন্তু চবি সলনি হৈছে এতিয়া সেউজীয়া শাওনৰ পথাৰ এতিয়া সোনালী হৈছে। মাজুলীত ৯৫ % কৃষিজীৱি ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/1d5c79a8-b13e-4cb1-b52a-df88e040e3b3-2025-11-27-12-43-44.jpg)
মাজুলীৰ মথাউৰী ভিতৰৰ অঞ্চলসমূহত বিগত বৰ্ষৰ তুলনাত ধানধেতি ভাল হৈছে। মাজুলীৰ লখিমী পথাৰ, বোকাজান পথাৰত খহলী পথাৰ, আদি পথাৰৰ দৃশ্য এয়া । একেলগে ধান দাইছে গাৱৰ সকলো মহিলাই।
আঘোনমাহত অসমীয়া সমাজ জীৱনৰ এখন চিনাকী ছবি দেখা গল মাজুলীত ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/4362a7c7-03d6-4117-91c4-4325f8da88b7-2025-11-27-12-43-54.jpg)
পথাৰত ব্যস্ত গাওঁবাসী এহাতে কাছি আনহাতে বাঁওধানৰ মুঠি লৈ বিহুৰ তালে তালে গান গায় ধান দাইছে এইসকল দাৱনীয়ে। বিগত বৰ্ষত মাজুলীৰ কৃষকে ২৬০ মেট্ৰিক টন বাওধান হাৰিয়ানালৈ ৰপ্তানি কৰিছে। চলিত বৰ্ষত এই পৰিমাণ দুগুণ বৃদ্ধি পাব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/7c8cac24-32ce-43fb-867d-c788b5ecad9a-2025-11-27-12-44-05.jpg)
আনহাতে মাজুলীৰ ৩৪ টা চৰ-চাপৰিত মাজুলীৰ একাংশ কৃষক ব্যস্ত মাটি মাহ মগুমাহ সৰিয়হ তিল আলু আদি ৰবি শস্য উৎপাদনত। ব্ৰহ্মপুত্ৰ ই পেলাই যোৱা পলসুৱা মাটিত লহপহকৈ বাঢ়িছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us