/asomiyapratidin/media/media_files/2025/11/27/ikkkdd-2025-11-27-13-21-00.jpg)
ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী পৃথিৱীৰ বৃহত্তৰ নদী দ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ।পৃথিৱীৰ বৃহত্তৰ নদী দ্বীপটো খহনীয়া কবলত পৰি সংকুচিত হৈ আহিছে ইয়াৰ মূল ভূখণ্ড ।প্ৰতি বছৰে নদী বুকুত বিলীন হৈছে ঘৰ বাৰী কৃষি ভূমি।গৃহহীন ভূমিহীন হৈছে বহু পৰিয়াল ।
ব্ৰহ্মপুত্ৰ বৰ্ডে শ শ কোটি টকাৰে সুৰক্ষাৰ কাম কৰি আছে যদিও মাজুলীৰ মূল ভূ খণ্ডৰ এটুকুৰা ভূমিও সুৰক্ষা দিব পৰা নাই । ভকত চাপৰিৰ গৰু খুঁটি ,শালমৰাত এতিয়াও ভয়াবহ খহনীয়া আভ্যহত আছে । খৰালীতো নদীৰ তীব্র খহনীয়া অব্যাহত থকাৰ বাবে শালমৰাত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠান।
নদীৰ পাৰত নাম প্ৰসংগ কৰি ব্ৰহ্মপুত্ৰ বাবাক সন্তুষ্ট কৰাৰ চেষ্টা শালমৰাবাসীৰ।আজি পুৱাৰ পৰা ভিন্ন ধৰ্মী বিধিৰে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ভূৱন মোহন বিগ্ৰহ শোভাযাত্ৰা কৰি লৈ আহে শালমৰালৈ।। নদীৰ পাৰত মূল বিগ্ৰহ প্ৰতিষ্ঠা কৰি ন পূজা সেৱা আগবঢ়াই খহনীয়া গ্ৰস্ত ৰাইজে।।সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামীয়ে পূজা হোম যজ্ঞ কৰি ভোক দিব ব্ৰহ্মপুত্ৰক।
লোক বিশ্বাস অনুসৰি দক্ষিণপাট সত্ৰৰ ভুৱন মোহন বিগ্ৰহ নদীৰ পাৰত প্ৰতিষ্ঠা কৰি নদীত ভোগ দিলে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ হয় । শালমৰাত খহনীয়া প্ৰতিৰোধৰ বাবেই এই অনুষ্ঠান অনুষ্ঠিত হৈছে। গায়ন বায়ন আয়তীৰ উৰুলি, শংখ ধ্বনিৰে নৈ পৰাত প্ৰতিষ্ঠা হল ভুৱন মোহনৰ বিগ্ৰহ।
ৰাইজৰ ভৰসা এতিয়া নেদেখা জনৰ ওপৰতেই। বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা মাজুলীৰ সুৰক্ষা সম্ভৱ নোহোৱাত নেদেখা জনেই যেন এতিয়া শেষ ভৰসা নৈ পৰীয়া ৰাইজৰ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us