মাজুলীৰ পাঁচ গৰাকী বিশিষ্ট ব্যক্তিক 'নাটমল্লাৰ-বঁটা ২০২৫' প্ৰদান

এলেঙী বাহজেঙনী সত্ৰত অনুষ্ঠিত হোৱা প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত বহুকেইটা বঁটা প্ৰদানৰ লগতে আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সত্ৰপীঠ মাজুলীৰ ঐতিহ্যমণ্ডিত শ্রী শ্রী এলেঙী বাঁহজেঙনি সত্ৰৰ পৃষ্ঠপোষকতাত স্থাপিত হোৱা নাটমল্লাৰ সত্ৰীয়া সংস্কৃতি কলা কেন্দ্ৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠান সোমবাৰে বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এলেঙী বাহজেঙনী সত্ৰত অনুষ্ঠিত হোৱা প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত বহুকেইটা বঁটা প্ৰদানৰ লগতে আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। নাটমল্লাৰ সত্ৰীয়া সংস্কৃতি কলা কেন্দ্ৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠানৰ উপলক্ষে প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা 'নাটমল্লাৰ-বঁটা,প্ৰদান কৰে। দায়বদ্ধ সাংবাদিকতা আৰু সত্ৰীয়া সংস্কৃতি প্ৰচাৰ-প্ৰসাৰত উদগনি যোগোৱাৰ বাবে প্ৰতিদিন টাইমৰ মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞালৈ নাটমল্লাৰ -২০২৫ বিশেষ বঁটা প্ৰদান কৰে।

ae022f89-e234-4bcd-8cfd-3a9a12416e33

উক্ত অনুষ্ঠানত  'মাজুলীৰ পাঁচ গৰাকীৰ বিশিষ্ট ব্যক্তিলৈ এই বর্ষ 'নাটমল্লাৰ- বঁটা' প্ৰদান কৰে।  মাজুলীৰ বুঢ়াশেনচোৱা এলেঙী আটিৰ এগৰাকী বিশিষ্ট সংস্কৃতিৰ সাধক, মায়ামৰা মৃদংগীয়া বায়ন ওজা আৰু গীতৰ শিল্পী চন্দ্রকান্ত দাসলৈ শ্রীশ্রী এলেঙী বাঁহজেঙনি সত্ৰ, মাজুলীৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ প্ৰয়াত নকুল মহন্ত প্রভু স্মাৰক বঁটা, মাজুলীৰ বালিচাপৰি বিশিষ্ট লেখিকা, সমাজ সেবিকা আৰু মাজুলীৰ জিলা সতীৰাধিকাৰ মহিলা তীর্থ প্রতিষ্ঠাপক সম্পাদিকা গায়ত্ৰী হাজৰিকালৈ আই তিলকান্তি মহন্ত স্মাৰক বঁটা, মাজুলী দেউৰী সমাজৰ মাজত দীৰ্ঘ সময় ধৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সাংগঠনিক কামত ব্ৰতী দীপক দেউৰীলৈ শ্রীশ্রী এলেঙী বাঁহজেঙনি সত্র, মাজুলীৰ সত্ৰাধিকাৰ প্ৰয়াত তনুশ্যাম মহন্ত প্রভু স্মাৰক বঁটা, মাজুলীৰ তেলীয়াবাৰী গাঁৱৰ এগৰাকী নিষ্ঠাৱান নামলগোৱা, সুদক্ষ বায়ন, সত্ৰীয়া সংস্কৃতিৰ সাধক পোনা ৰাজখোৱা বায়নলৈ শ্রীশ্রী এলেঙী বাঁহজেঙনি সত্ৰৰ নামলগোৱা, সমাজ সেৱক প্রয়াত দিনবৰ শইকীয়া স্মাৰক বঁটা আৰু মাজুলীৰ জেংৰাইমুখ বৰপমুৱা গাঁৱৰ এগৰাকী বিশিষ্ট শিক্ষক আৰু মিছিং ভাষাৰ ভাওনাত ভাও দিয়া লগতে মিছিং ভাষাত বৰগীত পৰিৱেশন কৰাকে ধৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত ব্ৰতী সঞ্জীৱ পেগুলৈ প্রয়াত শিক্ষক সমাজসংগঠক, ডেকা সত্ৰাধিকাৰ মোহন চন্দ্ৰ মহন্ত স্মাৰক বঁটা প্ৰদান কৰে।

c7cd3b9d-ceb1-4230-9a18-51cac5ce296c

দায়বদ্ধ সংবাদ সেৱাৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগত চর্চাক উদগণি যোগোৱা মাজুলীৰ দুগৰাকী বিশিষ্ট যুৱ সাংবাদিক ক্রমে তীর্থ ভূঞা বৰগায়ন আৰু প্ৰাঞ্জল খাউণ্ডক 'নাটমল্লাৰ'ৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতে 'মাজুলীলৈ যাতায়াত ব্যৱস্থাৰ ক্ৰমাগত উন্নয়ন আৰু সত্ৰীয়া সংস্কৃতি ওপৰত ইয়াৰ প্ৰভাৰ' শীর্ষক এখন অতি প্ৰাসংগিক আলোচনা চক্ৰৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। 'নাটমল্লাৰ' অধ্যক্ষ শ্রীযুত প্রবীণ চন্দ্ৰ মহন্তই সভাপতিত্ব কৰা আলোচনা চক্ৰ উদ্বোধন কৰে মাজুলীৰ সাংস্কৃতিক জীৱনৰ ধমণী স্বৰূপ টুনীনদী পুনৰ উজ্জীৱিত দাবী সমিতিৰ সভাপতি আৰু মাজুলীৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰাজেন চন্দ্ৰ বৰাই। 'নাটমল্লাৰ'ৰ প্ৰধান সচিব আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক শ্রীশ্রীএলেঙী বাঁহজেঙনি সত্ৰৰ ডেকা সত্ৰীয়া দুলাল চন্দ্ৰ মহন্তই আদৰণি ভাষণ প্ৰদান কৰে।

2fbdfcb8-f5d2-431f-afcf-fc1299d31586

উল্লেখ্য যে,মাজুলীলৈ যাতায়াত ব্যৱস্থাৰ ক্ৰমাগত উন্নয়ন আৰু সত্ৰীয়া সংস্কৃতি ওপৰত ইয়াৰ প্ৰভাৱ' শীর্ষক আলোচনা চক্ৰৰ মুখ্য আলোচকৰূপে অংশ লয় মাজুলীৰ কমলাবাৰীৰ সঙ্গীত নাটক একাডেমীৰ বঁটা প্রাপ্ত ড° কৰুণা বৰাই। 'নাটমল্লাৰ'ৰ কাৰ্যকৰী অধ্যক্ষ দুর্গেশ্বৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা  আলোচনা চক্রত অংশ গ্ৰহন কৰে বিশিষ্ট আলোচকবৃন্দ হ'ল ক্রমে শ্রীশ্রী বাসুদেব থান নৰোৱাৰ সত্র ডেকা সত্রীয়া বিশিষ্ট শিক্ষাবিদ দেবেন্দ্ৰ দেৱ গোস্বামী,লক্ষীমপুৰ জিলা সত্ৰ মহাসভাৰ সম্পাদক জগত মহন্তই। অনুষ্ঠানটিত বহুকেইজন সত্ৰাধিকাৰ তথা ডেকা সত্ৰীয়া বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। 

মাজুলী