/asomiyapratidin/media/media_files/2025/12/15/1-2025-12-15-16-51-00.jpg)
ডিজিটেল ডেস্কঃ সত্ৰপীঠ মাজুলীৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী এলেঙী বাঁহজেঙনি সত্ৰৰ পৃষ্ঠপোষকতাত স্থাপিত হোৱা নাটমল্লাৰ সত্ৰীয়া সংস্কৃতি কলা কেন্দ্ৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠান বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আজি অনুষ্ঠিত হয় । পুৱা ৮.০০ বজাত সত্রধ্বজা উত্তোলন কৰে সত্ৰাধিকাৰ শ্ৰীযুত কমল চন্দ্ৰ মহন্তই আৰু 'নাটমল্লাৰ' পতাকা উত্তোলন কৰে অনুষ্ঠানটোৰ অধ্যক্ষ শ্রীযুত প্রবীণ চন্দ্র মহন্তই। শ্রীশ্রী এলেঙী নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তৰ নেতৃত্বত আৰু শ্রীশ্রী দিখৌমুখীয়া বৰএলেঙী সত্ৰৰ ডেকা সত্ৰীয়া দিলীপ মহন্তৰ সহযোগত পুৱা ৯.০০ বজাৰ পৰা আৰম্ভ হোৱা সত্ৰৰ নৈমিত্তিক নাম-প্রসঙ্গত স্থানীয় অঞ্চলৰ ভকত-বৈষ্ণৱসকলে অংশগ্রহণ কৰে। পুৱা ১০.৩০ বজাত সেৱকীসকলে আর্শীবাদ গ্রহণ আৰু প্ৰসাদ বিতৰণৰ লগে-লগে পুৱা বেলাৰ কাৰ্যসূচীৰ সামৰণি পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/5cd697d8-2ed4-4f4e-9164-d94d2c55b508-2025-12-15-16-49-29.jpeg)
নাটমল্লাৰ সত্ৰীয়া সংস্কৃতি কলা কেন্দ্ৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠানৰ উপলক্ষে প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা 'নাটমল্লাৰ-বঁটা, ২০২৫' প্রদান আৰু 'মাজুলীলৈ যাতায়াত ব্যৱস্থাৰ ক্ৰমাগত উন্নয়ন আৰু সত্ৰীয়া সংস্কৃতি ওপৰত ইয়াৰ প্ৰভাৰ' শীর্ষক এখন অতি প্ৰাসংগিক আলোচনা চক্ৰৰ লগতে সত্ৰীয়া সংস্কৃতিৰ বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা মুকলি সভাত পৌৰহিত কৰে 'নাটমল্লাৰ' অধ্যক্ষ শ্রীযুত প্রবীণ চন্দ্ৰ মহন্তই। মাজুলীৰ সাংস্কৃতিক জীৱনৰ ধমণী স্বৰূপ টুনীনদী পুনৰ উজ্জীৱিত দাবী সমিতিৰ সভাপতি আৰু মাজুলীৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰাজেন চন্দ্ৰ বৰাই মুকলি সভা উদ্বোধন কৰে। 'নাটমল্লাৰ'ৰ বিগত বৰ্ষৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ভবিষ্যত কর্মপন্থা আদি সন্নিৱিষ্ট কৰি 'নাটমল্লাৰ'ৰ প্ৰধান সচিব আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক শ্রীশ্রীএলেঙী বাঁহজেঙনি সত্ৰৰ ডেকা সত্ৰীয়া দুলাল চন্দ্ৰ মহন্তই আদৰণি ভাষণ প্ৰদান কৰে। শ্রীশ্রী চামগুৰি সত্ৰ ডেকা সত্রীয়া, অসম সত্র মহাসভাৰ সহকাৰী সচিব প্রভাত গোস্বামী আৰু কৃষ্ণা মেধিয়ে আঁত ধৰিব লগা 'নাটমল্লাৰ-বঁটা, ২০২৫' প্রদান অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱা, শ্রীশ্রী এলেঙী নৰসিংহ সত্ৰৰ আই শ্ৰীযুতা পুতলী মহন্ত, মাজুলী জিলা সত্ৰ মহাসভাৰ সভাপতি কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্রীযুত সত্যজিৎ মহন্ত আৰু অসম সত্ৰ মহাসভাৰ মুখপাত্র শ্রীশ্রী প্রাচীন চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া অধ্যাপক তাৰানাথ মহন্তই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/15/d204eae0-1940-4817-9227-0a3ab1ea9bdd-2025-12-15-16-49-46.jpeg)
উল্লেখযোগ্য যে, মাজুলীত সত্রীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগত চৰ্চাত জীৱনজুৰি ব্ৰতী হৈ সমাজক ঐক্য-সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখাত অৰিহণা যোগোৱা মাজুলীৰ পাঁচ গৰাকীৰ বিশিষ্ট ব্যক্তিলৈ এইবর্ষ 'নাটমল্লাৰ- বঁটা' আগবঢ়োৱা হয় । এইবাৰ মাজুলীৰ বুঢ়াশেনচোৱা এলেঙী আটিৰ এগৰাকী বিশিষ্ট সংস্কৃতিৰ সাধক, মায়ামৰা মৃদংগীয়া বায়ন ওজা আৰু গীতৰ শিল্পী চন্দ্রকান্ত দাসলৈ শ্রীশ্রী এলেঙী বাঁহজেঙনি সত্ৰ, মাজুলীৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ প্ৰয়াত নকুল মহন্ত প্রভু স্মাৰক বঁটা, মাজুলীৰ বালিচাপৰি বিশিষ্ট লেখিকা, সমাজসেবিকা আৰু মাজুলীৰ জিলা সতীৰাধিকাৰ মহিলা তীর্থ প্রতিষ্ঠাপক সম্পাদিকা গায়তী হাজৰিকালৈ আই তিলকান্তি মহন্ত স্মাৰক বঁটা, মাজুলী দেউৰী সমাজৰ মাজত দীর্গ সময় ধৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সাংগঠনিক কামত ব্ৰতী দীপক দেউৰীলৈ শ্রীশ্রী এলেঙী বাঁহজেঙনি সত্র, মাজুলীৰ সত্ৰাধিকাৰ প্ৰয়াত তনুশ্যাম মহন্ত প্রভু স্মাৰক বঁটা, মাজুলীৰ তেলীয়াবাৰী গাঁৱৰ এগৰাকী নিষ্ঠাৱান নামলগোৱা, সুদক্ষ বায়ন, সত্ৰীয়া সংস্কৃতিৰ সাধক পোনা ৰাজখোৱা বায়নলৈ শ্রীশ্রী এলেঙী বাঁহজেঙনি সত্ৰৰ নামলগোৱা, সমাজসেৱক প্রয়াত দিনবৰ শইকীয়া স্মাৰক বঁটা আৰু মাজুলীৰ জেংৰাইমুখ বৰপমুৱা গাঁৱৰ এগৰাকী বিশিষ্ট শিক্ষক আৰু মিছিং ভাষাৰ ভাওনাত ভাও দিয়া লগতে মিছিং ভাষাত বৰগীত পৰিৱেশন কৰাকে ধৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত ব্ৰতী সঞ্জীৱ পেগুলৈ প্রয়াত শিক্ষক সমাজসংগঠক, ডেকা সত্ৰাধিকাৰ মোহন চন্দ্ৰ মহন্ত স্মাৰক বঁটা আগবঢ়োৱাৰ লগতে দায়বদ্ধ সংবাদসেৱাৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগত চর্চাক উদগণি যোগোৱা মাজুলীৰ দুগৰাকী বিশিষ্ট যুৱ সাংবাদিক ক্রমে তীর্থ ভূঞা বৰগায়ন আৰু প্ৰাঞ্জল খাউণ্ডক 'নাটমল্লাৰ'ৰ তৰফৰ পৰা বিশেষভাৱে সম্বধনা জনোৱা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us