কাতি বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আকাশত আজি উজ্বলিব আকাশ বন্তি…

কাতি বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আকাশত আজি উজ্বলিব আকাশ বন্তি…

author-image
asomiyapratidin
New Update
কাতি বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আকাশত আজি উজ্বলিব আকাশ বন্তি…

ডিজিটেল সংবাদ, মাজুলীঃ আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু । ৰাজ্যৰ লগতে মাজুলীতো কাতি বিহু উদযাপিত হৈছে । মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিনপাট সত্ৰ, গড়মুৰ সত্ৰত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তী প্ৰজ্বলন কৰিব আজি সন্ধিয়া। ঐতিহাসিক আউনীআটী সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিছে ।

Advertisment

সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে । তাৰ বাবে সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা বন্তী প্ৰজ্বলন কৰিব সন্ধিয়ালৈ। যদিও বা কাতি বিহু কঙালী তথাপিও সত্ৰ সমূহত এই বিহুৰ আধ্যাত্মিকতা বেছি । কাতি মাহটো পূণ্যমাহ আৰু এই কাতি মাহত তলত তুলসী ৰোপন কৰিলে মানৱ জাতীৰ কল্যা সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্বাৰ হয় ।তুলসী দৰ্শন পাত্ৰে পূণ্য হয় স্পৰ্শ কৰিলে পাপ ক্ষয় হয় , আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় । এই কথা পদ্ম পুৰানত উল্লেখ আছে ।

২১ যোৰা আকাশ বন্ত্ৰী কাতি মাহতোত প্ৰজ্বলিত হৈ থাকিব । আজি সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন বায়ন ঢ়ুলিয়া খুলিয়া ওজাপালী নটুৱা সংকীত্তন আদিৰ মাজেৰে সত্ৰাধিকাৰে সন্ধিয়াল ২১ যোৰ আকাশ বন্ত্ৰী প্ৰজ্বলন কৰিব ।লগতে সত্ৰৰ কন কন বৈষ্ণৱ সকলেও তুলসী ভেটি নিৰ্মানত লাগি পৰিছে । দামোদৰ মাহ হিচাপে গণ্য কৰা কাতিমাহতো আকাশ বন্তি প্ৰজ্বলিত হৈ থাকিব। সত্ৰ সমূহত পৰম্পৰা ৰক্ষা কৰি পুৱা নাম কীৰ্তন সংকীৰ্তন হিয়ানাম , ওজাপালি, গায়ন বায়ন, আদিৰ মাজেৰে বিহু উদযাপন হব