/asomiyapratidin/media/media_files/2025/09/04/web-ap-majuli-2025-09-04-17-08-47.jpg)
ডিজিটেল ডেস্কঃ এখন বিশেষ দলং। দলংখন ঘোষণা হোৱাৰ সময়ত এটা অঞ্চলৰ ৰাইজৰ মাজত দেখা গৈছিল আনন্দৰ জোৱাৰ। ২০১৬ ত যেতিয়া অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতিত এই বিশেষ দলংখন নিৰ্মাণ হ’ব বুলি যেতিয়া আনুষ্ঠানিক ঘোষণা কৰা হৈছিল তাৰ পিছতেই আনন্দত মতলীয়া হৈ পৰিছিল এই অঞ্চলটোৰ ৰাইজ।
কোনোবাই যদি আনন্দত গাইছিল বিহু নাম, আন কোনোবাই ঐনিতম। সত্ৰৰ সত্ৰাধিকাৰেও এই সিদ্ধান্তক আদৰণি জনাই চৰকাৰক জনাইছিল কৃতজ্ঞতা। স্থাপন হৈছিল আধাৰশিলাও।
অৱশ্যে সেই আনন্দ বৰ বেছি দিনলৈ মানুহৰ মাজত বৰ্তি নাথাকিল। আধাৰশিলা স্থাপন হোৱাৰ পিছতো দলংখন নহ’ল। ২০১৬ ৰ সেই ঘোষণা, ঘোষণা হৈয়ে থাকিল।
২০২১ ৰ ২৯ নৱেম্বৰ। এইবাৰ পুনৰ এই দলংখন নিৰ্মাণৰ কামৰ শুভাৰম্ভ হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেলী শিলন্যাস কৰাৰ পিছত দলংখনৰ নিৰ্মাণ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছত দলং নিৰ্মাণস্থলীলৈ আহিল নিৰ্মাণ সামগ্ৰী। আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য। এটা বছৰ নহওতেই পুনৰ বন্ধ হৈ পৰিল নিৰ্মাণ কাৰ্য।
যোৰহাট-মাজুলী সংযোগী দলঙৰ কাহিনী এয়া। দুবাৰকৈ আধাৰশিলা স্থাপন হোৱাৰ পিছতো আজিও নিৰ্মাণ সম্পূৰ্ণ নহ’ল এই দলংখনৰ। ২০২১ ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰাৰ সময়ত ঘোষণা কৰা অনুসৰি ২০২৬ ত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল।
নিৰ্মাণ সম্পূৰ্ণ হোৱা দূৰৰে কথা, দলংখনৰ খুঁটা কেইটাই নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে বিভিন্ন প্ৰশ্ন। দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ হৈ থকা আজি ১ টা বছৰ সম্পূৰ্ণ হ'ল।
দলংখন পুনৰ নিৰ্মাণৰ বাবে নিবিদাও প্ৰকাশ হ'ল ঠিকেই কিন্তু আৰম্ভহে নহ'ল নিৰ্মাণ কাৰ্য। আজি এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ পৰ্ষপূৰ্তি।এতিয়া এই দলং নিৰ্মাণস্থলীত কেৱল নিমাও মাও পৰিবেশ।
দুই প্ৰতিষ্ঠানৰ যুঁজত বন্ধ হৈ পৰিছিল নিৰ্মাণ কাৰ্য
মাজুলী- যোৰহাট সংযোগী দলং নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্পোৰেচনে। কিন্তু পৰৱৰ্তী সময়ত এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দলংখনৰ নিৰ্মাণৰ বাবে উপ-ঠিকা দিয়ে বি আৰ চি কোম্পানীক।
আৰম্ভণিৰ পৰাই বি আৰ চি কোম্পানীয়ে দলং নিৰ্মাণত সৃষ্টি কৰে বহু বিসংগতি। তাৰোপৰি ২০২৪ ত এই দুই প্ৰতিষ্ঠানৰ মাজত সংঘাতে লয় চূড়ান্ত ৰূপ। ফলত বি ৰি চি কোম্পানীয়ে দলং নিৰ্মাণ বন্ধ কৰি নিৰ্মাণস্থলীৰ পৰা আঁতৰি যায়।
তাৰ পাছৰ পৰাই এতিয়া নিৰ্মাণস্থলীত কেৱল মৰিশালীৰ নিস্তব্ধতা। মাজতে দলংৰ নিৰ্মাণ আধৰুৱা হৈ থকা খুঁটাৰ পৰা চোৰ হ'ল ৰডো। চোৰ হ'ল অন্যান্য সামগ্ৰীও। যিদৰে চোৰে এই সামগ্ৰী চোৰ কৰিলে ঠিক সেইদৰেই মাজুলীবাসীৰ দলঙৰ এই সপোনো কোনোবাই চোৰ কৰিব নেকি? এই প্ৰশ্নও এতিয়া উত্থাপন হৈছে।
দুবাৰকৈ আধৰশিলা স্থাপন হোৱা এই দলংখনৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল ৯২৫ কোটি টকা। ৮ কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনত আছে মুঠ ৭১ টা খুঁটা। ইয়াৰে নিৰ্মাণ সম্পূৰ্ণ হৈছে মাত্ৰ ২২ টা খুঁটাৰহে।
দ্বিতীয়বাৰৰ বাবে নিবিদা প্ৰক্ৰিয়া মাজতে পাৰ হল এটা বছৰ
২ লাখ মাজুলীবাসীৰ সপোনৰ এই দলংখন নিৰ্মাণ বন্ধ হৈ পৰাৰ পিছতে ২০২৪ ৰ ২৬ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল উত্তৰ কমলাবাৰীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। এই সাক্ষাতৰ সময়ছোৱাত তেওঁৰ সৈতে আছিল কেন্দ্ৰীয় মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল, মাজুলীৰ বিধায়ক ভূৱন গাম, সাংসদ প্ৰদান বৰুৱা, ৰামেশ্বৰ তেলী, জিলা সভাপতি বীৰেন শইকীয়া আৰু বৈষ্ণৱ অজিত বৰুৱা।
এই সাক্ষাতৰ সময়ত মাত্ৰ এটা সপ্তাহৰ ভিতৰতে দলংখনৰ নিৰ্মাণ কাৰ্য আকৌ আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে অৱগত কৰিছিল যদিও নিৰ্মাণ কাৰ্য বন্ধ হৈ থকাৰ এটা বছৰ সম্পূৰ্ণ হ'ল যদিও আজিও পুনৰ নিৰ্মাণ আৰম্ভ ন’হল।
লোকসভাতো উত্থাপিত হৈছে এই প্ৰসংগ
মাজুলীবাসীৰ সপোনৰ এই দলংখনৰ নিৰ্মাণত দেখা দিয়া এনে অনিশ্চয়তাৰ বিষয়টো সংসদৰ মজিয়াতো উত্থাপিত হৈছে। যোৱা মাৰ্চ মাহত লোকসভাত বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ দৃষ্টি আকৰ্ষC কৰি এই বিষয়টো উত্থাপন কৰিছিল।
সংসদত উল্লেখ কৰিছিল ৮ কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য ২০২৪ চনৰ ৪ ছেপ্তেম্বৰৰ পৰা স্থবিৰ হৈ আছে আৰু ইয়াৰ কাম মাত্ৰ ৩০ শতাংশহে সম্পূৰ্ণ হৈছে। চলিত বছৰৰ জানুৱাৰী মাহত দলংখনৰ নিৰ্মাণৰ বাবে পুনৰ নিবিদা আহ্বান কৰা হৈছিল যদিও সেয়াও হৈ নুঠিল।
গগৈয়ে সংসদত এই কথাও উল্লেখ কৰে যে, ৯২৫ কোটিৰ এই দলংখনৰ নিৰ্মাণ ব্যয় ১,২২৫ কোটি টকালৈ বৃদ্ধি হৈছে। এই প্ৰশ্নতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দলংখন পুনৰ নিৰ্মাণৰ বাবে নিবিদা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে।
পুনৰ আৰম্ভ হৈছে নিবিদা প্ৰক্ৰিয়া, ২ বছৰত দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা
চলিত বছৰৰ ২২ মে'ত যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ নিবিদা দাখিলৰ প্ৰক্ৰিয়া শেষ পৰ্যায়ত উপনীত হয়। তাৰ পিছত ৭ জুলাইত নিবিদাৰ মুকলি কৰা হয় আৰু একেটা দিনতে নিবিদা প্ৰক্ৰিয়া অন্ত পৰে। এইবাৰ দলংখনৰ নিৰ্মাণৰ ব্যয় ধাৰ্য কৰা হয় ৬০০.৫১ কোটি টকা।
জানিব পৰা মতে সকলো যদি ঠিকেই থাকে তেন্তে অহা নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত পুনৰ এই দলংখন নিৰ্মাণৰ সম্ভাৱনা আছে। কিন্তু আশ্চৰ্যজনকভাৱে জুলাইতে নিবিদা প্ৰক্ৰিয়া অন্ত পৰাৰ পিছতো এতিয়াও দলংখনৰ পুনৰ নিৰ্মাণৰ দায়িত্ব কোনে লাভ কৰিছে সেয়া আনুষ্ঠানিক ঘোষণা হোৱা নাই।
ইফালে বেটছিং প্লান নির্মাণতেই দলংখনৰ বৰ্তমান নতুন নির্মাণকাৰী সংস্থাই প্রথম গুৰুত্ব আৰোপ কৰিব লাগিব আৰু একেলগে দলংখনৰ ১৬ টাকৈ খুঁটাৰ কাম চলাব লাগিব বুলি এইবাৰ নিবিদা লাভ কৰা সংস্থাক ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ে চর্ত বান্ধি দিয়া বুলি জানিব পৰা গৈছে।
এইবাৰৰ নিবিদাত দেশী-বিদেশী বহুকেইটা আগশাৰীৰ নিৰ্মাণকাৰী সংস্থাই অংশগ্ৰহণ কৰা বুলিও সূত্ৰ অনুসৰি জানিব পৰা গৈছে।
যোৱা ১০ বছৰে কেৱল চলি থাকিল ৰাজনৈতিক মুনাফা আদায়ৰ খেল!
২০১৪ ত কেন্দ্ৰত বিজেপি ক্ষমতালৈ অহাৰ পিছত ২০১৬ ত অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰলৈ আহিছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।তেওঁ নিজেই প্ৰকাশ কৰা মতে সেইবাৰ সৰ্বানন্দ সোণোৱালৰ বিজয় নিশ্চিত কৰিবলৈ সোণোৱালৰ কথা মতেই কোনো পৰিকল্পনা অবিহনে মাজুলীৰ দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল।
অৱশ্যে সেই নিৰ্বাচনী প্ৰতিশ্ৰুতিক পিছত কাৰ্যকৰীও কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ আগে আগেও পুনৰ এই দলংখনৰ আধাৰশিলা স্থাপন কৰি কাম আৰম্ভ কৰা হয়। সেয়াও আছিল নিৰ্বাচনৰ সময়ৰ কথা।
এইদৰেই ২০১৬ চনৰ পৰা যোৱা প্ৰায় ১০টা বছৰে যোৰহাট-মাজুলী সংযোগী দলংখনক শাসকীয় দলে নির্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰাত একপ্ৰকাৰে সফল হৈছে। প্ৰকাশিত নতুন নিবিদা অনুসৰি দলং নিৰ্মাণৰ সময়সীমা হৈছে ২ (৭৩০ দিন) বছৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাজুলীত উপস্থিত হৈ ঘোষণা কৰিছিল ২০২৬ ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেওঁ মাজুলীৰ দলঙৰ ওপৰেদি যাব। মাজুলীৰ ব্ৰেকফাষ্ট কৰি তেওঁ লখিমপুৰ, ধেমাজি দিশলৈ যাব। কিন্তু মুখ্যমন্ত্ৰীৰ সেই ৰাজহুৱা প্ৰতিশ্ৰুতি যে অসাৰ হিচাপে প্ৰতিপন্ন হৈছে সেয়া নতুন নিবিদাত স্পষ্ট হৈছে।
সেয়া যিয়েই নহওঁক ২০১৬ ত আৰম্ভ হোৱা দলং নিৰ্মাণৰ এই প্ৰক্ৰিয়া এতিয়া স্তব্ধ হৈ হৈ এতিয়া ২০২৭ চনত উপনীত হৈছেগৈ। যিসময়ত ২/৩ বছৰতে এই একেখন ৰাজ্যতে দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে, ধুবুৰীৰ ফুলবাৰীত ৰাজ্যৰ আটাইতকৈ দীঘল দলং নিৰ্মাণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে সেই সময়ত মাজুলীৰ এই দলংখনক লৈ কিয় এনে পৰিস্থিতিৰ সূচনা হৈছে সেয়া স্পষ্ট নহয়।
দুই প্ৰতিষ্ঠানৰ মাজৰ সংঘাতেই দলংখনৰ নিৰ্মাণত ব্যাঘাত জন্মাইছে বুলি যদিও কোৱা হৈছে ইয়াৰ আঁৰত আছে নেকি কোনো ৰাজনৈতিক উদ্দেশ্য? দলংখন নিৰ্মাণ সম্পূৰ্ণ নহওঁক বুলি কোনো অপশক্তি উঠিপৰি লাগিছে নেকি?
এই প্ৰশ্নবোৰৰ উত্তৰ নাই যদিও চৰকাৰে শীঘ্ৰেই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি মাজুলী তথা অসমবাসীৰ মনত সৃষ্টি হোৱা আশংকাক দূৰ কৰক। দলংখন নিৰ্মাণ কৰি মাজুলীবাসীক তেওঁলোকৰ প্ৰাপ্য আদায় দিয়ক। এইদাবী এতিয়া প্ৰতিজন সচেতন ব্যক্তিৰ।