/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/maju.jpg)
ডিজিটেল সংবাদ, মাজুলীঃ সমগ্ৰ অসমৰ লগতে মাজুলীতো ক'ভিড১৯ এ ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে মাজুলীত এতিয়া খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ মাজুলীৰ মিছামৰা, মাজৰ চাপৰি, চামগুৰিৰ লগতে কমলাবাৰী ঘাট, শালমৰা আৰু ভকতচাপৰি অংশত প্ৰবল খহনীয়াৰ ফলত বহু বিঘা কৃষিভূমিৰ লগতে শালমৰা অঞ্চলত বহু ঘৰ ব্যক্তি বৰ্তমান স্থানান্তৰ হ'ব লগা হ'ল৷
এক প্ৰেছ বিবৃতিত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে- বৰ্তমান সময়তো মাজুলীৰ বিভিন্ন অঞ্চলত প্ৰবল খহনীয়া চলি আছে যদিও জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কোনো ধৰণৰ তাৎক্ষণিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷ মাজুলী সুৰক্ষাৰ দায়িত্ব থকা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ কাম চলি থকা সময়তে মাজুলীত সৰ্বাধিক ভূমি নদীৰ বুকুত জাহ গ'ল৷ বৰঞ্চ আজি পৰ্যন্ত এচপৰা মাটি সুৰক্ষা দিয়াত চূড়ান্তভাৱে বিফল হ'ল৷
আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয় যে- ২০০৪ চনৰ পৰাই ব্ৰহ্মপুত্ৰ ব'ৰ্ড নামৰ এজেন্সিটোৱে মাজুলী সুৰক্ষাৰ কাম আজি পৰ্যন্ত কৰিব নোৱাৰিলে৷ চূড়ান্ত ভাৱে বিফল হৈছে৷ কেৱল মাত্ৰ চৰকাৰী ধনৰ অপচয় কৰি মাজুলীক তেওঁলোকৰ কামৰ দিনতে বিপদৰ মুখলৈ ঠেলিলে আৰু এচপৰা মাটিও সুৰক্ষা দিয়া দেখা পোৱা নগ'ল৷
অন্যহাতে টিকে নামৰ এটি এজেন্সিক ২৩৭ কোটি টকা ব্যয়েৰে ২৭ কিঃমিঃ বেংক ৰিবেটমেন্ট আৰু ২১খন আৰচিচি পাৰ্কুপাইন নিৰ্মান কৰি একে বছৰতে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছিল যদিও ২০১৮ চনৰ পৰা আজিলৈকে কাম সম্পাদন কৰিব নোৱাৰিলে৷ ছাত্ৰ সন্থাই কেইবাৰো আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ল যদিও আজিকোপতি ব'ৰ্ডৰ কোনো গা নলৰিল৷ নিজ খেয়াল কুচি মতে শামুকীয়া গতিৰে নিম্নমানৰ কামেৰে মাজুলীৰ ভূমি সংকুচিত কৰি আনিলে৷ অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে দুয়োটা এজেন্সিৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে আছুৱে৷
আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে কয় যে- বৰ্তমান মাজুলীৰ ৰক্ষাকৱচ স্বৰূপ মথাউৰি সমূহৰ ম্যাদ ৩০ বছৰ উকলি যোৱাৰ ফলত জলপ্ৰতিৰোধৰ ক্ষমতা কমি আহিল৷ যাৰ ফলত বাৰিষা ফল ভূগিব লাগিব মাজুলীবাসীয়ে৷ জলসম্পদ বিভাগে কেৱল বাৰিষাৰ সময়ছোৱাত কেইটামান বস্তা আৰু অলপ বালিৰে সংকটপূৰ্ণ ঠাই সমূহত জাপি দি মথাউৰি বচাবলৈ প্ৰয়াস কৰে৷ মাজুলীৰ মুল ৰক্ষাকৱচ দিচাংমুখ-টেকেলিফুটাৰপৰা হালধিবাৰী-বেচামৰা মথাউৰিৰ মাজে মাজে বহু অংশ স্পৰ্শকাতৰ হৈ পৰিছে৷
এই স্পৰ্শকাতৰ অংশ সমূহত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি বানপানীৰ দৰে ভয়ংকৰ বিপদৰ পৰা মাজুলীক বচাবলৈ দাবী জনাইছে ছাত্ৰ সন্থাই৷ অন্যথা পুনৰ মাজুলীত এনে ধৰণৰ বিপদৰ আশংকাই দেখা দিলে খৰালি সময়ছোৱাত হাতসাবতি বহি থাকি বাৰিষা তৎপৰতা দেখুওৱা জলসম্পদ বিভাগটোৰ বিৰুদ্ধে ক'ভিডৰ সকলো নীতি-নিয়ম মানি প্ৰবল আন্দোলনৰ গঢ়িতোলা হ'ব বুলি মাজুলী জিলা ছাত্ৰ সন্থাই স্পষ্ট ভাৱে সকীয়াই দিছে৷