/asomiyapratidin/media/media_files/2025/09/17/majuli-17-2025-09-17-21-40-41.jpg)
ডিজিটেল সংবাদ মাজুলীঃ ১৯৫৭ চনত লখিমপুৰ মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ প্ৰৱক্তা আছিল তেখেত। স্থায়ী চাকৰি কৰি থকাৰ সমান্তৰালভাৱে এগৰাকী জ্যেষ্ঠ অধিবক্তাও আছিল।
কিন্তু ১৯৬২ চনত মাজুলীৰ একাংশ সচেতন লোকৰ মৰম আদৰ আৰু আহ্বানক নেওচিব নাৱাৰি সন্মান জনায় চৰকাৰী চাকৰি ত্যাগ কৰি মাজুলীলৈ আহিছিল। মাজুলীৰ আইৰ বুকুত এখন উচ্চ শিক্ষানুষ্ঠান জন্ম দিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল।
আৰু মাজুলীৰ একাংশ আশাশুধীয়া আৰু ত্যাগী ব্যক্তিৰ লগত একত্ৰিত হৈ মাজুলীত ১৯৬২ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে জন্ম দিছিল প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়। প্ৰথম প্ৰতিষ্ঠাপক অধ্যক্ষ হৈছিল প্ৰাত:স্মৰণীয় ব্যক্তি প্ৰয়াত অতুল চন্দ্ৰ গোস্বামী।
বাষষ্ঠিৰ মহাপ্লাৱনৰ সময়ত জটিল আৰু আহুকলীয়া সময়ত উচ্চ শিক্ষাৰ জ্ঞানৰ বন্তিগছি জ্বলাই তুলিছিল গোস্বামী ছাৰে। বিনা বেতনেৰে ১৯৭৯ চনলৈকে অধ্যক্ষ হিচাপে মহাবিদ্যালয়খনত নিজৰ সেৱা নিস্বাৰ্থ ভাৱে আগবঢ়াইছিল।
আজি মাজুলীৰ প্ৰাচীনতম উচ্চ শিক্ষানুষ্ঠানখনিৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে প্ৰতিষ্ঠা দিৱস। কিন্তু এই বিশেষ দিনটোত নিমন্ত্ৰণী পত্ৰ এখনো নাপালে পৰিয়ালৰ লোকে।
প্ৰয়াত অতুল চন্দ্ৰ গোস্বামী ছাৰৰ সুযোগ্য পুত্ৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী ধ্ৰুৱজ্যোতি গোস্বামীয়ে সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে। প্ৰয়াত গোস্বামী ছাৰৰ ভাতৃ তথা পুত্ৰ পৰিয়াল সকলো উপেক্ষিত হৈ ৰ'ল আজি দিনটোৰ কাৰ্যসূচীত, সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে পৰিয়ালে।
সমান্তৰালভাৱে গোস্বামী ছাৰৰ সুযোগ্য পুত্ৰ ধ্ৰুৱজ্যোতি গোস্বামী তথা পৰিয়ালবৰ্গই ব্যক্তিগত খৰছত ছাৰৰ আৱক্ষ মূৰ্তি স্থাপন কৰিছিল মহাবিদ্যালয়ৰ চৌহদত। আনহাতে সামাজিক সাধ্যমত এই কথা প্ৰকাশ কৰাত মহাবিদ্যালয়খনৰ ভিতৰ চ'ৰাত বিশেষ চৰ্চা লাভ কৰে।
তাৎক্ষণিকভাৱে নিমন্ত্ৰণী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈ আত্ম প্ৰক্ষৰ সমৰ্থনত কিছু কথা উল্লেখ কৰিছে। চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীৰ হাতত নিমন্ত্ৰণী পত্ৰ পঠিয়াইছিল কিন্তু নাপালে কিয় সেইটোহে নাজানো, লগতে উল্লেখ কৰে এনে ভুলৰ পুনৰাবৃত্তি নহয় বুলি।
কিন্তু আমি নিৰ্ভৰযোগ্য সুত্ৰৰ পৰা জানিব পৰা মতে গোস্বামী ছাৰৰ পৰিয়ালৰ নামত কোনো নিমন্ত্ৰণী পত্ৰ পঠিওৱা ব্যৱস্থা কৰা নাছিল। এনে কাৰ্যৰ বাবে মাজুলীৰ সচেতন মহলত ব্যাপক চৰ্চা চলিছে আৰু নিমন্ত্ৰণী পত্ৰ নিদিয়াৰ বিষয়টো দুৰ্ভাগ্যজনক আখ্যা দিছে।