/asomiyapratidin/media/media_files/2025/11/08/c24f9ae3-2d9f-43e6-b289-c2a1e2b70421-2025-11-08-12-47-47.jpeg)
ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে দিল্লী আন্তজাৰ্তিক বিমান বন্দৰত হাঁহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত। বন্দৰটোত কাৰিকৰী অসুবিধাৰ বাবে ঘৰুৱা আৰু আন্তৰাষ্ট্ৰীয় প্ৰায় ৮০০বিমানৰ যাত্ৰা বিলম্ব হয়। ইয়াকে লৈ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।
এনে পৰিস্থিতিৰ পাছতে বিমান কৰ্তৃপক্ষই ঘোষণা কৰিছিল যে, অচিৰেই এই পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা হ'ব। এটা সুদক্ষ টীমে কাৰিকৰী বিজুতিক লৈ কাম চলাই থকা বুলি ঘোষণা কৰিছিল বিমান কৰ্তৃপক্ষই। ৮নৱেম্বৰ, ২০২৫তাৰিখৰ পৰা বিমান বন্দৰটোত পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে।
বিমান কৰ্তৃপক্ষই ঘোষণা কৰিছে যে, সকলো কাৰিকৰী বিজুতি ইতিমধ্যে ঠিক হৈছে। যাত্ৰীসকলে তেওঁলোকৰ যাত্ৰা আজিৰে পৰা নিৰ্ধাৰিত সময়তেই আৰম্ভ হ'ব বুলি আশ্বাস প্ৰদান কৰিছে বিমান বন্দৰটোৰ কৰ্তৃপক্ষই। অটোমেটিক মেচেজ চুইচিং চিষ্টেমত হোৱা কাৰিকৰী বিজুতিৰ বাবে এনে অসুবিধাৰ সন্মুখীন হোৱা বুলি সদৰি কৰিছে তেওঁলোকে।
উল্লেখ কৰা প্ৰয়োজন যে, বিমান বন্দৰটোত হোৱা এনে অসুবিধাৰ বাবে শুকুৰবাৰৰ দিনটোত ৮০০বিমানৰ যাত্ৰা বিলম্ব হোৱাৰ লগতে ২০ৰো অধিক বিমানৰ যাত্ৰা বাতিল কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us