ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীক সম্বোধন মেজৰ জেনেৰেল বাজাজৰ

আৰ জি ইউৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে আৰ জি ইউৰ আচাৰ্য ড° এ.কে. পানছাৰী, বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়া, ডীন, এনচিচি কেডেট, ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সেনাৰ এটা প্ৰতিনিধি দল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটী:অপাৰেচন সিন্দুৰ আৰু ভাৰতৰ বিকাশশীল যুদ্ধ মতবাদৰ ওপৰত এক আকৰ্ষণীয় আৰু অন্তৰ্দৃষ্টিসম্পন্ন অধিবেশনত আজি ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয় ৪ কৰ্পছৰ মেজৰ জেনেৰেল হৰ্তেজ সিং বাজাজে দ্য আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত ছাত্ৰ-ছাত্ৰী, অধ্যাপক, আৰু গণ্যমান্য ব্যক্তিসকলক সম্বোধন কৰে।

Advertisment

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ আচাৰ্য ড° এ.কে. পানছাৰী,বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়া, ডীন, এনচিচি কেডেট, ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সেনাৰ এটা প্ৰতিনিধি দল।

ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা কথা-বতৰাত মেজৰ জেনেৰেল বাজাজে অপাৰেচন সিন্দুৰৰ ওপৰত বিশদ দৃষ্টিভংগী আগবঢ়ায়, সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ বাহিৰেও ইয়াৰ প্ৰকৃত সাৰমৰ্ম বুজি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয়, ‘এই বিষয়ে আলোচনা কৰাৰ সঠিক মঞ্চ আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ সৈতে।অপাৰেচন সিন্দুৰৰ অন্তৰ্নিহিত বাৰ্তা স্পষ্ট সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা- আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু আমি কেতিয়াও ক্ষমাও নকৰোঁ।

তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ পিছত গঢ় লৈ উঠা ভাৰতৰ নতুন যুদ্ধ মতবাদ তিনিটা আপোচবিহীন স্তম্ভৰ ওপৰত নিৰ্ভৰশীল: i) যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধহিচাপে গণ্য কৰা হ’ব, ii) ভাৰতে পাৰমাণৱিক ব্লেকমেইলৰ বশৱৰ্তী নহ’ব, আৰু iii) সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকৰ মাজত কোনো পাৰ্থক্য কৰা নহ’ব।

সাৰাংশত মেজৰ জেনেৰেল বাজাজে সন্ত্ৰাসবাদৰ প্ৰতিভাৰতৰ শূন্য সহনশীলতাৰ স্থিতি পুনৰবাৰ উল্লেখ কৰে। তেওঁ জোৰ দি কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনী ক্ৰমান্বয়ে প্ৰযুক্তি-চালিত হৈ পৰিছেআৰুএই ক্ষেত্ৰত জাতিটোৰ যুৱক-যুৱতীসকলৰ ভূমিকা পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ।

ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি