/asomiyapratidin/media/media_files/2026/01/23/686-2026-01-23-22-26-14.jpg)
ডিজিটেল সংবাদ, নগাঁও : শুকুৰবাৰে নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত আটক কৰিছে ভুৱা জন্ম প্ৰমাণ পত্ৰৰ জালিয়াতিৰ এটা বৃহৎ গেং। ভুৱা চৰকাৰী ৱেবছাইট খুলি প্ৰায় ২০০ লোকক প্ৰদান কৰিছিল জন্মৰ ভুৱা প্ৰমাণ পত্ৰ।
উল্লেখযোগ্য যে, নগাঁও কচুৱা থানাৰ অন্তৰ্গত চহিদুল ইছলাম, কাৰ্বি আংলং বৈঠালাংচোৰ মাইছিং টেৰন আৰু ডিমা হাছাওৰ অবিনাশ টেৰঙক কচুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ছহিদুল ইছলামে ভাৰত চৰকাৰৰ ভুৱা ৱেবচাইট নিৰ্মাণ কৰি মাইছিং আৰু অবিনাশৰ সহযোগত ১২ পৰা ১৫ শ টকা লৈ ভুৱা জন্মৰ প্ৰমাণ পত্ৰ তৈয়াৰ কৰি আহিছিল।
dc.crsorgigoovi.xyz নামৰ ভুৱা ৱেবচাইট নিৰ্মাণ কৰি জন্মগত প্ৰমাণ পত্ৰৰ বেহা কৰি অহা ধৃত তিনিওজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা অধীনত 318(4)/336(3)/61(2) ধাৰাত আৰু 0/2025 নম্বৰত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। নগাঁও সদৰ থানাত সংবাদমেল আয়োজন কৰি অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই ধৃত লোক কেইজনৰ পৰা তিনিটা ম'বাইল ফোন জব্দ কৰা জানিবলৈ দিয়াৰ লগতে গেংটোৰ লগত জড়িত আন সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us