/asomiyapratidin/media/media_files/2025/12/18/dfsdwsdsds-2025-12-18-08-59-12.jpg)
ডিজিটেল ডেস্কঃ বাংলাদেশক প্ৰত্য়ুত্তৰ দিয়া আৰম্ভ কৰিলে ভাৰতে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে এখন বিশেষ জাননী। এই জাননীৰ জৰিয়তে বাংলাদেশৰ ৰাজধানী ঢাকাত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ (আইভিএচি) বন্ধ কৰি দিলে। শেহতীয়াকৈ বাংলাদেশী নেতাৰ উচটনিমূলক মন্তব্যকে ধৰি নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখযোগ্যযে, আইভিএচিৰ মূল কেন্দ্ৰটো ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত। কেন্দ্ৰটোৱে জাননী জাৰি কৰি সদৰী কৰে যে, আজি ২ বজাৰ পৰা কেন্দ্ৰটো বন্ধ থাকিব। ইয়াৰ ফলত পূৰ্বৰ পৰা ভিছাৰ বাবে আবেদন কৰা আবেদনকাৰী সকল প্ৰভাৱিত হৈছে। বাংলাদেশত ভাৰতৰ মুঠ ১৬টা ভিছা কেন্দ্ৰ আছে, যাৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় ২২ লাখ আবেদন প্ৰক্ৰিয়াকৰণ কৰা হয়।
জানিব পৰা মতে, ভাৰতে বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ ৰিয়াজ হামিদুল্লাক চমন কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ হাতত লৈছে। ভাৰতে ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তাক লৈও গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে।
দৰাচলতে কিছুদিন পূৰ্বে বাংলাদেশৰ নেচনেল চিটিজেন পাৰ্টিৰ নেতা হাছনত আব্দুল্লাই ভাৰতক মুকলি ভাবুকি দিছিল। ১৫ ডিচেম্বৰত এক সমাৱেশত তেওঁ ঘোষণা কৰিছিল যে, বাংলাদেশ অস্থিৰ হ’লে সীমান্তৰ সিপাৰে প্ৰতিৰোধৰ জুই বিয়পিব। তেওঁ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ (সাত ভগ্নী) পৃথক কৰি বিচ্ছিন্নতাবাদীক আশ্ৰয় দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে হাতত ললে এই পদক্ষেপ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us