
ডিজিটেল সংবাদ,চেঙাঃ বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে এটা গভাইত চোৰ। ধৃত চোৰটো পশ্চিম মাজদিয়াৰ আলী হুছেইনৰ পুত্ৰ নাচিৰুদ্দিন বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে শনিবাৰে দুপৰীয়া বৰপেটাৰ পাজাৰভাঙাৰ চানোৱাৰ খান নামৰ ব্যক্তি এজনে পশ্চিম মাজদিয়াত নিজৰ চাৰিচকীয়া এল্টো বাহনখন ৰখাই গাড়ীৰ পৰা নামি আহে। নমাৰ সময়ত লোকজনে গাড়ীৰ আগৰ আসনত মোবাইল ফোনটো আৰু নগদ ৬ হাজাৰ টকা এৰি থৈ আহে।
কিছু সময় পিছত মোবাইল আৰু টকাখিনি নাপাই কোনো লোকে চুৰি কৰি লৈ যোৱা বুলি বিচাৰ খোচাৰ কৰে। আনহাতে চোৰৰ দিন আছিল বেয়া। চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল ওচৰতে থকা এটা ব্যৱসায় প্ৰতিষ্ঠানৰ চি চি টি ভিত। চি চি টি ভিৰ ফুটেজ সংগ্ৰহ কৰি মাজদিয়া আৰক্ষী আৰু স্থানীয় লোকে চিনাক্ত কৰে চোৰক।
তাৰ পিছতেই মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত গভাইত চোৰ নাচিৰুদ্দিনক পশ্চিম মাজদিয়াৰ পৰা আৰক্ষীয়ে আটক কৰে। ইতিমধ্যে চুৰি হোৱা মোবাইলটো আৰক্ষীয়ে নাচিৰুদ্দিনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চানোৱাৰ খানৰ এজাহাৰৰ ভিত্তিত সৰ্থেবাৰী থানাত ৩৮৯/২১ নম্বৰত গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৯ ধাৰাত গোচৰ ৰুজু কৰি দেওবাৰে ধৃত নাচিৰুদ্দিনক বৰপেটা আদালতত হাজিৰ কৰায় মাজদিয়া আৰক্ষীয়ে। মহামান্য আদালতে ধৃত নাচিৰুদ্দিনক জে'ললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।