মাজবাট উঃ মাঃ বিদ্যালয়ত ক্ৰীড়া সামগ্ৰী বিতৰণ বিধায়ক চৰণ বড়োৰ...

শিক্ষাৰ লগতে খেল জগত খনো ছাত্ৰ-ছাত্ৰীৰ বাবে সমানে গুৰুত্বপূৰ্ণঃ বিধায়ক চৰণ বড়ো

author-image
Asomiya Pratidin
New Update
মাজবাট উঃ মাঃ বিদ্যালয়ত ক্ৰীড়া সামগ্ৰী বিতৰণ বিধায়ক চৰণ বড়োৰ...

Charan Bodo

ডিজিটেল সংবাদ, ওৰাংঃ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা কল্যাণ বিভাগৰ পৰা বিধায়ক চৰন বড়ো আৰু বি টি চিৰ ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌড়ৰ জৰিয়তে মঙ্গলবাৰে ওদালগুৰি জিলাৰ অন্যতম শিক্ষানুষ্ঠান মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সা- সামগ্ৰী বিতৰণ কৰে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত সভাৰ আঁত ধৰে বিদ্যালয়খনৰ অধ্যক্ষ সৰ্বানন্দ দেৱ শৰ্মাই।

Advertisment

সভাত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৱে কয় যে, শিক্ষাৰ লগতে খেল জগত খনো ছাত্ৰ-ছাত্ৰীৰ বাবে সমানে গুৰুত্বপূৰ্ণ। মাজবাট অঞ্চলত ফুটবল খেলৰ বিশেষ সুনাম আছে। বিশেষভাৱে ছোৱালী সকলে ফুটবল খেলত সুনাম কঢ়িয়াই আনিছে। খেলৰ বাবেই বহু যুৱক যুৱতী আত্মসংস্থাপনৰ সুবিধা লাভ কৰিছে। লগতে তেখেতে কয় যে, আৰু এবছৰ পিছতে বিদ্যালয়খনে ৭৫ বছৰত ভৰি দিব। ৭৫ বছৰ গৰকা বিদ্যালয়সমূহক অসম চৰকাৰে নতুন বিদ্যালয় নিৰ্মাণৰ ধন আবন্টন দিছে যদিও এই বিদ্যালয়খন ইয়াৰ আওতাত নপৰাত মেজৰ ৰিপিয়াৰিঙৰ বাবে অনুদান লাভ কৰিব বুলি উল্লেখ কৰে ৷

অন্যহাতে বিধায়ক গৰাকীয়ে এইবেলি মেট্ৰিকৰ ফলাফল ওদালগুৰি জিলাত উন্নত নোহোৱাত আগন্তুক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলোকো আহ্বান জনায়।

উল্লেখ্য যে, সভাত বি টি চিৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷ ক্ৰিকেটৰ বেট, ষ্টাম, বল, ফুটবল, ভলীবল, বেডমিণ্টন, বাস্কেট বল, আদি খেলৰ সামগ্ৰী সমূহ বিধায়ক চৰণ বড়ো আৰু পাৰিষদ দীপক মৌৰে ছাত্ৰ-একতা সভাক প্ৰদান কৰে।

charan bodo majbat game