/asomiyapratidin/media/media_files/2025/08/23/153-2025-08-23-21-57-30.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : ঘৰে ঘৰে জল, ঘৰে ঘৰে নল শ্লগানেৰে সকলোকে বিশুদ্ধ খোৱাপানী ধৰিব বুলি বিজেপি চৰকাৰে প্ৰায়েই সভাই -সমিতিয়ে ঘোষণা কৰি আহিছে। এনে জলজীৱন মিছনে সম্পূৰ্ণৰূপে উদঙাইছে বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ।
একপ্ৰকাৰ কৈ থাকিলেও যেন ওৰকে নপৰে শোণিতপুৰ জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিচন ৰূপায়ণৰ নামত কোটি কোটি টকাৰ প্ৰকল্পত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ কথা। এইক্ষেত্ৰত শোণিতপুৰৰ যিকোনো এখন গাঁও পঞ্চায়তৰ এলেকাৰ গাঁৱলৈ গৈ ৰাইজৰ সমস্যাৰ বুজ ল’লেই সম্প্ৰতি ৰাইজৰ পৰা পোৱা প্ৰথম অভিযোগেই হৈছে গাঁৱে গাঁৱে স্থাপন কৰা জলজীৱন মিচনৰ প্ৰকল্পৰ পৰা পানী পাবলৈ সক্ষম নোহোৱাৰ কথা ৷
এনেদৰেই খোৱাপানী পোৱাৰ ক্ষণ গণি গণি যোৱা বিগত দুটা বছৰে পানী পোৱাতো দূৰৈৰ কথা আঁচনি ৰূপায়নৰ কামেই সম্পূৰ্ণ হৈ নুঠাত ক্ষুব্ধ হৈ পৰিছে ঢেকিয়াজুলি সমষ্টিৰ মাজৰৌমাৰী পঞ্চায়তৰ আমতল বঙালী গাঁৱৰ ৰাইজ।