প্ৰধানমন্ত্ৰীৰ "পৰীক্ষা পে চৰ্চা"ত অংশ ল'ব মৈৰাবাৰীৰ কৃষ্টি লীনাই...

লুইতৰ বুকুত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ "পৰীক্ষা পে চৰ্চা" শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী এগৰাকী ছাত্ৰীয়ে।

author-image
Asomiya Pratidin
New Update
dffhghgg

ডিজিটেল সংবাদ, মৈৰাবাৰীঃ  লুইতৰ বুকুত অনুষ্ঠিত হবলগীয়া প্ৰধানমন্ত্ৰীৰ "পৰীক্ষা পে চৰ্চা" শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী এগৰাকী ছাত্ৰীয়ে। পিএম শ্ৰী আদৰ্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী কৃষ্টি লীনা বৰাই লাভ কৰিছে এই সুযোগ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অত্যাধুনিক ৰিভাৰ ক্ৰুছ চৰাইদেউ ২ত অনুষ্ঠিত কৰিবলগীয়া "পৰীক্ষা পে চৰ্চা" শীৰ্ষক কাৰ্যসূচীটোত কৃষ্টি লীনা বৰাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। প্ৰধামন্ত্ৰীগৰাকীয়ে ভিন্ন প্ৰান্তৰ পৰা অহা এই সকল ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰিব। 

Captureththtttyt5y

উল্লেখ্য যে, কৃষ্টি লীনা বৰাই ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল বুলি অধ্যক্ষ লুৎফুৰ ৰহমানে জানিবলৈ দিয়ে। ছাত্ৰী কৃষ্টি লীনা বৰাই প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ পোৱাক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকল উৎফুল্লিত হৈ পৰিছে। 

মৈৰাবাৰী