অসম-অৰুণাচলৰ পটভূমিত মাইনী মহন্তৰ নতুন উপন্যাস- বুদ্ধৰ কাৰাগাৰ...

জনপ্রিয় ঔপন্যাসিক, 'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তৰ 'বুদ্ধৰ কাৰাগাৰ' শীর্ষক এখন উপন্যাস যোৱা শনিবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
daaadad

ডিজিটেল সংবাদ, গুৱাহাটীঃ  জনপ্রিয় ঔপন্যাসিক, 'নন্দিনী'ৰ সম্পাদক মাইনী মহন্তৰ 'বুদ্ধৰ কাৰাগাৰ' শীর্ষক এখন উপন্যাস যোৱা শনিবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত আজি উন্মোচন কৰা হয় গ্ৰন্থখন।

দীর্ঘদিনৰ বিৰতিৰ পাচত মাইনী মহন্তই লিখি উলিওৱা এই উপন্যাস প্রকাশ কৰিছে পাণবজাৰৰ ৰেখা প্রকাশনে। অসম আৰু অৰুণাচলৰ পটভূমিত তেওঁ এই উপন্যাসখন লিখি উলিয়াইছে। উপন্যাসখনত অৰুণাচলৰ ভাষা-সংস্কৃতি, ঐতিহ্য, ব্যক্তি স্বাধীনতা তথা সহজ-সৰল মানুহখিনিৰ আন্তৰিকতাক প্রতিফলিত কৰা হৈছে।

ইফালে গ্রন্থমেলাত উন্মোচন 'বুদ্ধৰ কাৰাগাৰ'ৰ কেন্দ্ৰীয় চৰিত্ৰটিৰ মাজেৰে অসমীয়া গ্রাম্য সমাজখনৰ মনোমোহা পৰিবেশৰ লগতে সামাজিক অৱক্ষয়ৰ ছবিখনো তুলি ধৰিবলৈ ঔপন্যাসিকে প্রকাশ কৰিছে। উপন্যাসখন যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীসকলৰ প্ৰতি উচৰ্গা কৰা হৈছে, সেয়ে দুগৰাকী ভিন্ন জনগোষ্ঠীৰ যুৱতীয়ে গ্ৰন্থখন আজি উন্মোচন কৰি উপন্যাসখন আৰু লেখিকাৰ উদ্দেশ্যক এক সার্থক ৰূপ দিয়ে।

উন্মোচক দুগৰাকী হৈছে ক্রমে সাংবাদিক জোনালী বসুমতাৰী আৰু নাগালেণ্ডৰ কণ্টেণ্ট ক্রিয়েটৰ এশ্বেনি লাটশ্বাটিঅ'মাই। গ্রন্থখন উন্মোচন কৰি উন্মোচকদ্বয়ে কয়- উপন্যাসখনে প্রেম, বিৰহ, হাঁহি, কান্দোন আদি ভিন্ন ভাবেৰে আন্দোলিত কৰাৰ লগতে সামাজিক বান্ধোন আৰু সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ মূৰ্ত প্ৰকাশ হৈ উঠিছে।

বাস্তৱতাৰ নিখুঁত চিত্ৰ আৰু মানুহৰ স্বাৰ্থপৰতাই উপন্যাসখনৰ শেষলৈ পাঠকৰ বিবেকক জোকাঁৰি যায়।  অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানৰ আঁত ধৰে দেৱযানী হাজৰিকাই। ঔপন্যাসিক মাইনী মহন্তৰ লগতে ৰেখা প্রকাশনৰ স্বত্বাধিকাৰী দেৱেন কলিতা অৰু ৰেখা কলিতায়ো গ্রন্থখন উন্মোচন কার্যসূচীত অংশ লয়।

গুৱাহাটী