সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহ ২০২৩ ৰ ব্যাপক প্ৰস্তুতি...

বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত সংবাদ মেলৰ জৰিয়তে ঘোষণা আদৰনী সমিতিৰ

author-image
Asomiya Pratidin
New Update
সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহ ২০২৩ ৰ ব্যাপক প্ৰস্তুতি...

Maina parijaat

ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহ অহা ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিল ধেমাজিত ৪দিনীয়া কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ'ব ৷ এই ঘোষণা সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহ ধেমাজিত অনুষ্ঠিত কৰাৰ বাবে ২২ খন উপ-সমিতিৰে সৈতে গঠিত পূর্ণাঙ্গ আদৰণি সমিতিৰ ৷

Advertisment

বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি আদৰণি সমিতিয়ে কয় যে, ধেমাজি জিলা মইনা পাৰিজাতৰ আহ্বান মৰ্মে বিগত ২০১৯ চনৰ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি ধেমাজিত অনুষ্ঠিত কৰাৰ বাবে ২২ খন উপ-সমিতিৰ সৈতে গঠিত পূর্ণাঙ্গ আদৰণি সমিতিয়ে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলাৰ সময়তে ১৫ দিনমান বাকী থকাৰ সময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰবল আন্দোলনে সৃষ্টি কৰা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত সমাৰোহখন অনুষ্ঠিত কৰিব পৰা নহ'ল ।

পৰৱৰ্তী বৰ্ষত পুনৰ প্ৰস্তুতি আৰম্ভ কৰোতেই ভয়াবহ ক’ৰোণা মহামাৰীৰ বাবে সমাৰোহখন পুনৰ স্থগিত হৈ পৰিল । বৰ্তমান শিশুৰ বাবে পৰিবেশ অনুকুল হোৱালৈ লক্ষ্য ৰাখি সদৌ অসম মইনা পাৰিজাতে সমাৰোহ অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনোৱাত আদৰণি সমিতিয়ে ৰাজহুৱা সভাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰি পুনৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

পূৰ্বৰ আদৰণি সমিতি খনকে সামান্য সালসলনি আৰু নতুন ব্যক্তিৰ অন্তর্ভূক্তিৰে সমিতিখন পূর্নাঙ্গ কৰি তোলা হৈছে। পূৰ্বৰ কাৰ্যকৰী সভাপতি প্রয়াত নৰেন কোঁৱৰ দেৱৰ ঠাইত ধেমাজিৰ অন্যতম সমাজকর্মী ক্রীড়াবিদ ঘনকৃষ্ণ বৰগোহাঁইক কাৰ্যকৰী সভাপতি ৰূপে ৰাজহুৱা সভাই নিৰ্বাচন কৰে ৷

শিশু সমাৰোহখন ধেমাজিত অনুষ্ঠিত কৰাৰ বাবে ২২ খন উপ-সমিতিৰে সৈতে গঠিত পূর্ণাঙ্গ আদৰণি সমিতিয়ে কিছুদিন পুৰ্বে বৰগোঁহাইক কাৰ্যকৰী সভাপতিৰ পদত স্থলাভিষিক্ত কৰাৰ লগতে আন আন কেইটামান পদৰ সাল-সলনি ঘটোৱাৰ বাহিৰে পূৰ্বৰ সমিতিখনৰ বেছি পৰিৱৰ্তন ঘটোৱা হোৱা নাই।

পূৰ্বৰ ৩৩ লাখ টকাৰ বাজেটৰ পুনৰীক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে। অসমৰ ২৪ খন জিলা মইনা পাৰিজাত সমিতিৰ পৰা ৪ সহস্ৰাধিক শিশুৱে অংশগ্ৰহণ কৰিব লগা সমাৰোহত শিশু সকলৰ শুশ্রূষাৰ বাবে আদৰণি সমিতিয়ে ২২ খন উপ-সমিতিক ভাগে ভাগে দায়িত্ব অর্পণ কৰিছে ৷

আদৰণি সমিতিয়ে বুধবাৰে সংবাদমেলত উক্ত তাৰিখ ঘোষণা কৰি অহা ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিলত চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ'বলগীয়া শিশু সমাৰোহত ধেমাজিৰ বিভিন্ন দল সংগঠনৰ উপৰিও ধেমাজিবাসী ৰাইজৰ লগতে সকলো শিশুপ্রেমী ব্যক্তিৰ পূৰ্ণ সহযোগিতা আৰু অংশগ্রহণ কামনা কৰিছে আদৰণি সমিতিয়ে ৷

বুধাবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোহাঁই,উপ-সভাপতি ৰনজিৎ চিৰিং , সাধাৰণ সম্পাদক নৱজ্যোতি দত্ত আৰু সম্পাদক নৱজ্যোতি বৰুৱাই উপস্থিত থাকে ৷

dhemaji