অৱশেষত গ্ৰেপ্তাৰ দীপু চন্দ্ৰ দাসৰ হত্যাৰ মূল অভিযুক্ত

এই হত্যাকাণ্ডৰ মূল অভিযুক্ত য়াচিন আৰাফাট এগৰাকী প্ৰাক্তন মাদ্ৰাছা শিক্ষক। ঢাকা মেট্ৰ'পলিটান পুলিচৰ সহযোগত ডেমৰা থানাৰ অন্তৰ্গত চাৰুলিয়াৰ পৰা আৰাফাটক কৰায়ত্ত কৰাৰ কথা পোহৰলৈ আহিছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ইজনৰ পাছত সিজনকৈ হিন্দু লোকক হত্যা কৰা হৈছিল বাংলাদেশত । দেশখনত সৃষ্টি হোৱা উত্তেজনাৰ সময়তে হত্যাৰ বলি হৈছিল দীপু চন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱক। অৱশেষত বাংলাদেশ আৰক্ষীয়ে এই ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত অভিযুক্ত য়াচিন আৰাফাট বুলি চিনাক্ত কৰা হৈছে। ইপিনে য়াচিন আৰাফাট ভালুকাৰ দক্ষিণ হবিৰবাৰীৰ বাসিন্দা।

WhatsApp Image 2026-01-08 at 7.43.27 PM

উল্লেখযোগ্য যে-  এই হত্যাকাণ্ডৰ মূল অভিযুক্ত য়াচিন আৰাফাট এগৰাকী প্ৰাক্তন মাদ্ৰাছা শিক্ষক। ঢাকা মেট্ৰ'পলিটান পুলিচৰ সহযোগত ডেমৰা থানাৰ অন্তৰ্গত চাৰুলিয়াৰ পৰা আৰাফাটক কৰায়ত্ত কৰাৰ কথা পোহৰলৈ আহিছে। 

এইখিনিতে উল্লেখ কৰিব লাগিব যে-  ১৮ ডিচেম্বৰত দিপু চন্দ্ৰ দাসক দলবদ্ধভাৱে আক্ৰমণ কৰি ৰাজহুৱাকৈ গছত ওলোমাই বান্ধি জ্বলাই হত্যা কৰা ঘটনাত মূল ভূমিকা পালন কৰিছিল অভিযুক্ত য়াচিন আৰাফাটে। ইপিনে এই হত্যাকাণ্ডৰ পাছত ১২ দিন ধৰি আত্মগোপন কৰি আছিল অভিযুক্ত য়াচিনে। লগতে নিজৰ পৰিচয় লুকুৱাই ঢাকাৰ বিভিন্ন মাদ্ৰাছাত আশ্ৰয় লৈছিল আৰু ভূৱা  পৰিচয়েৰে ‘ছুফফা মাদ্ৰাছা’ত শিক্ষকৰ কামো কৰিছিল।

WhatsApp Image 2026-01-08 at 7.43.10 PM

বাংলাদেশ