মাইবঙত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ লক্ষ্যৰে ডিমা হাছাও জিলাৰ মাইবঙত আয়োজিত হয় এক বিশেষ অনুষ্ঠান। অনুষ্ঠান উপস্মথিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-04 at 8.41.07 AM

ডিজিটেল ডেস্কঃ মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ লক্ষ্যৰে ডিমা হাছাও জিলাৰ মাইবঙত আয়োজিত এক বিশেষ অনুষ্ঠানত জলসম্পদ মন্ত্ৰী  পীযুষ হাজৰিকাই ১৮ হাজাৰৰো অধিক মহিলা হিতাধিকাৰীক ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণ কৰে। একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বিশ্ব বেংকৰ ৯৯৭ কোটি টকাৰ সাহায্যৰে জিলাখনত নিৰ্মাণ হ’বলগীয়া মুঠ ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫টা গুৰুত্বপূৰ্ণ পথ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত গ্ৰহণ কৰা এই প্ৰকল্পসমূহে পাহাৰীয়া জিলাখনৰ যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

WhatsApp Image 2026-02-04 at 8.39.36 AM

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰিকাই হিতাধিকাৰী মহিলাসকলক এই ১০ হাজাৰ টকা সঠিকভাৱে ব্যৱহাৰ কৰি ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনায়, যাতে পৰৱৰ্তী বৰ্ষত তেওঁলোকে আঁচনিখনৰ অধীনত ২৫ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ উল্লেখ কৰে যে 'অৰুণোদয়', 'নিযুত মইনা' আৰু 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান'ৰ দৰে আঁচনিসমূহে মহিলা আৰু ছাত্ৰীসকলক স্বনিৰ্ভৰশীল কৰাৰ লগতে তেওঁলোকৰ আত্মমর্যাদা বৃদ্ধি কৰিছে। পূৰ্বৰ তুলনাত জিলাখনৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নয়নৰ কথা দোহাৰি তেওঁ কয় যে,  উন্নত যাতায়াতৰ বাবেই এতিয়া হাফলঙৰ পৰা শিলচৰলৈ যাত্ৰাৰ সময় ৬ ঘণ্টাৰ পৰা ১.৫ ঘণ্টালৈ হ্ৰাস পাইছে, যাৰ ফলত পৰ্যটন খণ্ডতো নতুন সুযোগৰ সৃষ্টি হৈছে।

WhatsApp Image 2026-02-04 at 8.39.34 AM

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে -এসময়ৰ অশান্ত ডিমা হাছাওত এতিয়া শান্তি আৰু দ্ৰুত উন্নয়নৰ পৰিৱেশ বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম এতিয়া দেশৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে। চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা অৱলম্বন কৰাৰ লগতে দুৰ্নীতিমুক্ত প্ৰশাসনে ৰাজ্যখনক প্ৰগতিৰ দিশত আগুৱাই লৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে। অসমৰ দ্ৰুত উন্নয়ন অব‍্যাহত ৰাখিবলৈ তেওঁ সকলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি যাবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল‍্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, বঢমপুৰৰ বিধায়ক জিতু গোস্বামী, স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য সদস্যসকল আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ডিমা হাছাও জিলাৰ মান্দাৰডিছাত 'DHATC Package'-ৰ অধীনত ৪ কোটি ধনৰ ব‍্যয়ৰে নিৰ্মাণ কৰা এটি বাঁহ ঔদ্যোগিক উদ্যান (Bamboo Industrial Park) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উদ্যানখনে জিলাখনৰ থলুৱা উদ্যোগীসকলক এক নতুন দিশ প্ৰদান কৰাৰ লগতে স্থানীয় নিবনুৱাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই উদ্বোধন অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সদস্য দেবলাল গাৰ্লোচাৰ লগতে পৰিষদৰ অন্যান্য সদস্যসকলো উপস্থিত থাকে।

WhatsApp Image 2026-02-04 at 8.39.38 AM

ডিমা হাছাও মন্ত্ৰী পীয়ুষ হাজৰিকা