/asomiyapratidin/media/media_files/2025/10/25/ikkkdd-2025-10-25-18-54-27.jpg)
ডিজিটেল ডেস্কঃ সমাগত বিহাৰৰ নিৰ্বাচন। বিহাৰ নিৰ্বাচন বুলি ক'লেই থাকে কিছু সুকীয়া মাদকতা। বিহাৰৰ ৰাজনৈতিক নেতাসকলৰ মন্তব্য আৰু ব্যৱহাৰে দখল কৰে সংবাদ শিৰোনাম। বিহাৰৰ নেতাসকলৰ মন্তব্য বুলি কলেই প্ৰথমেই মনলৈ আহে লালু প্ৰসাদ যাদৱৰ কথা। শাৰিৰিক অসুস্থতাৰ বাবে বিহাৰত প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰত থাকিলেও লালু প্ৰসাদৰ দুই পুত্ৰ এতিয়া বিহাৰৰ ৰাজনীতিত অন্যতম নেতা।
বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছে লালু প্ৰসাদ যাদৱৰ ডাঙৰ পুত্ৰ তেজস্বী যাদৱ। লালুৰ আন এগৰাকী পুত্ৰ তেজ যাদৱ। সদায়েই নানান বিৰ্তকত থকা তেজ যাদৱক একাষৰীয়া কৰিছিল পিতৃ আৰু ভাতৃয়ে। তাৰ পিছতে তেজ যাদৱে গঠন কৰিছিল এটা নতুন ৰাজনৈতিক দল।
জনশক্তি জনতা দল নামৰ দলটোৰ পৰা এইবাৰ বিহাৰৰ মহুৱা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেজ যাদৱ। ব্লেকবৰ্ড চিহ্ন দলীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে তেজ যাদৱে। বৰ্তমান মহুৱা সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাইছে তেজ যাদৱে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে সমষ্টিবাসীক এক আজৱ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তেজ যাদৱে। তেজ যাদৱে এক জনসভাত ভাষণ প্ৰদান কৰি কয় যে, আমি আপোনালোকৰ সমষ্টিত ইতিমধ্যে হস্পাতাল দিছো, কলেজ দিছো কিন্তু এইবাৰ আমি ইয়াত এখন ক্ৰিকেট ষ্টেডিয়াম বনাম আৰু ইয়াত ভাৰত-পাকিস্তানৰ খেল পাতিম।'
তেজ যাদৱৰ এই প্ৰতিশ্ৰুতিয়ে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। তেজ যাদৱে এই প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত সংবাদমাধ্যমত কয় যে, মোক সমষ্টিবাসীয়ে আদৰি লৈছে। মই সকলোৰে মৰম পাইছো। মই যে নিৰ্বাচনত জয়ী হম সেয়া নিশ্চিত।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us