মাহৰিআটী প্ৰাথমিক বিদ্যালয়ত দুষ্কৃতিকাৰীৰ তাণ্ডৱ, জ্বলাই দিলে শ্ৰেণীকোঠা

নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত মাহৰিআটী প্ৰাথমিক বিদ্যালয়ত উৰুকাৰ নিশা একাংশ দুৰ্বৃত্তই তাণ্ডৱ চলোৱাৰ খবৰ পোৱা গৈছে। সুৰাসক্ত একাংশ লোকে বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰি ধ্বংসলীলা চলায়

author-image
Asomiya Pratidin
New Update
new ap web  5 (3)

ডিজিটেল সংবাদ, নগাঁও:নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত মাহৰিআটী প্ৰাথমিক বিদ্যালয়ত উৰুকাৰ নিশা একাংশ দুৰ্বৃত্তই তাণ্ডৱ চলোৱাৰ খবৰ পোৱা গৈছে। সুৰাসক্ত একাংশ লোকে বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰি ধ্বংসলীলা চলোৱাৰ লগতে এটা অতিৰিক্ত শ্ৰেণীকোঠাৰ আঁঠখনকৈ বেৰ চুৰি কৰি কাষৰে এজোপা গছৰ তলত জ্বলাই দিয়ে ।

কেৱল ইয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে কেইবাখনো ডেক্স-বেঞ্চৰো ক্ষতিসাধন কৰে । যিটো কোঠাত বিদ্যালয় কৰ্তৃপক্ষই পাঠদান সম্পন্ন কৰি অহাৰ উপৰিও মধ্যাহ্ন ভোজন আৰু সহ পাঠ্যক্ৰমীক কেতবোৰ বিষয়ৰ পাঠদান কাৰ্যসূচীও সম্পন্ন কৰি আহিছিল । 

উল্লেখ্য যে, সীমান্ত ভৰালী নামৰ এগৰাকী দক্ষ আৰু গতিশীল শিক্ষকে বিদ্যালয়খনৰ প্ৰধানৰ দায়িত্ব লোৱাৰে পিছৰে পৰা এক ন-ৰূপত উজলি উঠিছিল শিক্ষানুষ্ঠানখন। বিদ্যালয়খনত ক্ৰমান্বয়ে বাঢ়িছিল ছাত্ৰী-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা। চৰকাৰী শিক্ষানুষ্ঠানখনৰ এনে আশাব্যঞ্জক খবৰে অঞ্চলবাসীক উৎফুল্লিত কৰি তোলাৰ সময়তে উৰুকাৰ নিশা সংঘটিত হ'ল এই দুষ্কাৰ্য । 

মাহৰিআটীৰ দৰে এখন সম্ভ্ৰান্ত গাঁৱত সংঘটিত এই ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে বৃহত্তৰ বেবেজীয়া অঞ্চলৰ ৰাইজক। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই বেবেজীয়া আৰক্ষী পহৰা চকীত লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে ঘটনাৰ সৈতে জড়িতৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অসম নগাঁও