ভক্তিমূলক গান বজাবি কিয়? পূজাৰ মণ্ডপত মহিষাসুৰৰ খং, প্ৰাণ ল’লে যুৱকৰ

ভক্তিমূলক গান বজাবি কিয়? পূজাৰ মণ্ডপত মহিষাসুৰৰ খং, প্ৰাণ ল’লে যুৱকৰ

author-image
asomiyapratidin
New Update
ভক্তিমূলক গান বজাবি কিয়? পূজাৰ মণ্ডপত মহিষাসুৰৰ খং, প্ৰাণ ল’লে যুৱকৰ

ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। সমগ্ৰ দেশজুৰি শাক্ত ধৰ্মাৱলম্বী লোকসকলে বৰ উলহ মালহৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দু্ৰ্গাক পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে। কিন্তু তাৰ মাজতে দিল্লীৰ এক দুৰ্গা মণ্ডপত ঘটিল এক অঘটন। দুৰ্গা মণ্ডপত বাজি থকা গান সলনি কৰিবলৈ কোৱা বাবেই হত্যাৰ বলি হ'ল এজন যুৱক।

Advertisment

এই ঘটনা সংঘটিত হৈছে দিল্লীৰ খয়ালা অঞ্চলত। জানিব পৰা মতে, দুৰ্গা পূজাৰ মহা ধুম ধামৰ মাজতে দুৰ্গ মণ্ডপত উচ্চস্বৰত বাজি থকা এটা আধুনিক গান সলনি কৰি ভক্তি গীত লগাবলৈ ৰিয়াজ নামৰ এজন স্থানীয় যুৱকে অনুৰোধ জনায়। কিন্তু গান সলনি কৰিবলৈ দিয়া কথাটোত গুৰুত্ব প্ৰদান নকৰাত যুৱকজনে নিজেই গানটো সলনি কৰিব বিচাৰে। যাৰ পৰিপ্ৰেক্ষিতত মনোজ, বিনয় আৰু মহেশ নামৰ তিনিজন লোকে ৰিয়াজ নামৰ যুৱকজনক চুৰীকাঘাত কৰে।

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰিয়াজক স্থানীয় একাংশ লোকে চফৰদগঞ্জ হস্পিতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে ঘটনাত স্থানীয় লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মনোজ, বিনয় আৰু মহেশ নামৰ যুৱককেইজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি আটক কৰে। আৰক্ষীয়ে জনোৱা মতে, পূৰ্বেও অভিযুক্তকেইজনৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে।