ধুবুৰীত সমাজবাদী পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক মহাবীৰ সিং

আগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলাতো ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে সমাজবাদী পাৰ্টীয়ে। সমাজবাদী পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক তথা দলটোৰ উত্তৰ-পূৱ ভাৰতৰ দায়িত্বত থকা মহাবীৰ সিং শনিবাৰে ধুবুৰীত উপস্থিত হয়

author-image
Asomiya Pratidin
New Update
60

ডিজিটেল সংবাদ, ধুবুৰী : আগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলাতো ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে সমাজবাদী পাৰ্টীয়ে। সমাজবাদী পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক তথা দলটোৰ উত্তৰ-পূৱ ভাৰতৰ দায়িত্বত থকা মহাবীৰ সিং শনিবাৰে ধুবুৰীত উপস্থিত হয়।

ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ পৰা সমাজবাদী পাৰ্টীৰ হৈ এইবেলি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা দলটোৰ মনোনীত প্ৰাৰ্থী খগেন্দ্ৰ নাথ ৰায়ে প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক সিঙক ধুবুৰীলৈ অহাৰ বাবে দলৰ হৈ অভিনন্দন জ্ঞাপন কৰে। এই ভ্ৰমণ সম্পৰ্কে প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে কয়- সমাজবাদী পাৰ্টীয়ে ইণ্ডিয়া জোঁট বন্ধনৰ লগত থাকি এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰি বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা ওফোৰাই পেলোৱাৰ বাবে কাম কৰি যাব। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সমাজবাদৰ কথা কৈছিল, কিন্তু তেওঁ ৰাজনীতিৰ পৰা বহু দূৰত অৱস্থান কৰিছিল।

জুবিন এগৰাকী মহান শিল্পী আছিল বুলি কৈ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে কয়- জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত চিবিআইক কিয় দিয়া হোৱা নাই ? সমাজবাদী পাৰ্টীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত চিবিআইক অৰ্পণৰ দাবী জনায়। 

ধুবুৰী