/asomiyapratidin/media/media_files/2025/04/09/EtArY6qqXpUr1rNqHZJC.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰততে ১০ এপ্ৰিলত মহাবীৰ জয়ন্তী উৎসৱ পালন কৰা হ'ব। এই দিনটো ভগৱান মহাবীৰৰ জন্ম বাৰ্ষিকী। মহাবীৰ জয়ন্তীৰ দিনা এইবাৰ বন্ধ থাকিব বেংক, ভাৰতীয় ষ্টক মাৰ্কেটৰ লগতে বহুকেইটা প্ৰতিষ্ঠান।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰ অনুসৰি, ১০ এপ্ৰিলত মহাবীৰ জয়ন্তী উপলক্ষে গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু তেলেংগানাকে ধৰি বহু ৰাজ্যত বেংক বন্ধ থাকিব। ভাৰতীয় শ্বেয়াৰ বজাৰো এই উপলক্ষে বন্ধ থাকিব।
উল্লেখযোগ্য যে, মহাবীৰ জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে দেশৰ বেছিভাগ ঠাইতে বিদ্যালয়সমূহ বন্ধ থাকিব। ভাৰতীয় নিৰীক্ষণ আৰু হিচাপ বিভাগৰ তথ্য অনুসৰি মহাবীৰ জয়ন্তী উপলক্ষে গেজেটেড বন্ধ থাকিব। এনে পৰিস্থিতিত আজিৰ দিনটোত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
এইবাৰ ১০ এপ্ৰিল (মহাবীৰ জয়ন্তী), ১৪ এপ্ৰিল (ডাঃ বি আৰ আম্বেদকাৰ জয়ন্তী) আৰু ১৮ এপ্ৰিল (গুড ফ্ৰাইডে) উপলক্ষে এপ্ৰিল মাহত শ্বেয়াৰ বজাৰতো ৩ দিনৰ বাবে বন্ধ থাকিব। মহাবীৰ জয়ন্তীৰ দিনা ষ্টক এক্সচেঞ্জ - বিএছই আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই)ও বন্ধ থাকিব।