মানৱতাৰ নিদৰ্শনঃ দৰিদ্ৰলৈ সহায়ৰ হাত আগৱঢ়ালে মহাত্মা গান্ধী নেচনেল ষ্টাডি চেণ্টাৰে

প্ৰচণ্ড শীতৰ ফলত দুখ-কষ্টত ভুগি থকা দৰিদ্ৰ লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়ালে মহাত্মা গান্ধী নেচনেল ষ্টাডি চেণ্টাৰ চমুকৈ MGNSC-এ।

author-image
Asomiya Pratidin
New Update
fgfg

ডিজিটেল সংবাদ, বেবেজীয়াঃ প্ৰচণ্ড শীতৰ ফলত দুখ-কষ্টত ভুগি থকা দৰিদ্ৰ লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়ালে মহাত্মা গান্ধী নেচনেল ষ্টাডি চেণ্টাৰ চমুকৈ MGNSC-এ। প্ৰতিবছৰৰ দৰে এইবাৰো সংস্থাটোৰ উদ্যোগত নগাঁও জিলাৰ অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা শতাধিক লোকৰ মাজত কম্বল বিতৰণ কৰে।

ব্যস্ততাৰ মাজতো মানৱীয় দায়িত্ব পালন কৰি MGNSCৰ কৰ্মকৰ্তা আৰু সদস্যসকলে শীতৰ এই কঠিন সময়ত দৰিদ্ৰ লোকসকলৰ কাষত থিয় দি সহানুভূতি আৰু সহায়ৰ বাৰ্তা প্ৰেৰণ কৰে। কম্বল বিতৰণ কাৰ্যসূচীৰ জৰিয়তে শীতৰ পৰা সুৰক্ষা লাভ কৰাৰ লগতে দৰিদ্ৰ লোকসকলে কিছু সকাহ পোৱা বুলি জানিবলৈ দিয়ে।

WhatsApp Image 2026-01-14 at 7.43.59 PM

এই মানৱীয় উদ্যোগৰ জৰিয়তে সমাজৰ প্ৰতি দায়বদ্ধতা আৰু মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে মহাত্মা গান্ধী নেচনেল ষ্টাডি চেণ্টাৰে।

বেবেজীয়া