হঠাতে মহাৰাষ্ট্ৰত সংঘাত শিৱসেনা আৰু বিজেপিৰ!

মহাৰাষ্ট্ৰত হঠাতে শিৱসেনাৰ একনাথ সিন্ধে ফৈদ আৰু বিজেপিৰ মাজত সংঘাত পৰিলক্ষিত হৈছে। অহা ২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যখনৰ পৌৰ পৰিষদ আৰু নগৰ পঞ্চায়তৰ নির্বাচনৰ পূর্বে এই সংঘাত দেখা দিছে।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত হঠাতে শিৱসেনাৰ একনাথ সিন্ধে ফৈদ আৰু বিজেপিৰ মাজত সংঘাত পৰিলক্ষিত হৈছে। অহা ২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যখনৰ পৌৰ পৰিষদ আৰু নগৰ পঞ্চায়তৰ নির্বাচনৰ পূর্বে এই সংঘাত দেখা দিছে। 

শিৱসেনাৰ বিধায়ক নীলেশ ৰাণেই অভিযোগ কৰিছে যে সিদ্ধুদূর্গ জিলাত মহাযুটি মর্চাৰ মিত্রতাৰ অৱসান ঘটোৱাৰ আৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰবীন্দ্ৰ চৱন জড়িত হৈ আছে। এই অভিযোগ তুলি নীলেশ ৰাণেই সিদ্ধুদূর্গ জিলাত গঠন কৰিছে চহৰ বিকাশ আঘাড়ী নামক এটা নতুন সংগঠন। 

বিজেপিৰ জ্যেষ্ঠ নেতৃবৃন্দৰ বাবে মহাৰাষ্ট্ৰত স্থানীয় নিকায়ৰ নিৰ্বাচনৰ পূর্বে এনেদৰে মহাযুটিত বিভাজনে দেখা দিছে বুলিও অভিযোগ কৰে নীলেশ ৰাণেই। অৱশ্যে ৰাণে আৰু চৱনৰ মাজত সংঘাতৰ ইতিহাস দীর্ঘদিনীয়া। পিছে দুয়োৰো এই সংঘাতে স্থানীয় নিকায়ৰ নির্বাচনত মহাযুটিক বিপদত পেলোৱাটোও অৱধাৰিত হৈ পৰিছে।

শিৱসেনা